যদি সৃষ্টি আছে বা উৎপত্তি আছে তেন্তে ধ্বংস অনিবাৰ্য। আৰম্ভ হৈছে যদি শেষ হ'বই। এই বিশ্ব-ব্ৰহ্মাণ্ডত শাশ্বত বুলিবলৈ জীৱন্ত একোৱেই নাই। ইয়াত কেৱল মিথ্যা আৰু জড় বস্তুবোৰহে শাশ্বত। কাগজৰ ফুল বহুদিনলৈ ধুনীয়া হৈ থাকে। আচল ফুল পিছে অলপতে মৰহি যায়।
কি আচৰিত! প্ৰেম কৰিলে প্ৰেম হেৰাই যোৱাৰ ভয়তে মানুহে প্ৰেম কৰিবলৈ এৰি দিলে আৰু বিবাহ কৰিবলৈ আৰম্ভ কৰি দিলে। বিবাহ হৈছে কাগজৰ ফুল। প্ৰেম গোলাপ ফুল, পুৱা ফুলি সন্ধিয়া মৰহি যাব। নিশ্চয়তা মুঠেই নাই।
যিবোৰ জীৱন্ত, সেইবোৰ প্ৰবাহিত হৈ থাকে বাবেইতো জীৱন্ত। বৈ থকাৰ নামেই জীৱন। জীৱনত সোঁত থাকে। যি একেঠাইতে ৰৈ থাকে সেয়া হৈছে ...। গোলাপ এজোপাৰ কাষত এছটা শিল পৰি আছে, শিলছটা পুৱাও পৰি আছিল, সন্ধিয়াও পৰি থাকিব। কাইলৈকো তাতেই থাকিব, পৰহিলৈয়ো পৰিয়েই থাকিব। বছৰৰ পিছত বছৰ বাগৰি যাব, তেনেকৈয়ে থাকিব। বিপৰীতে গোলাপজোপাৰ ফুল পুৱা ফুলে আৰু সন্ধিয়া মৰহি যায়।
পুৱা ফুলি সন্ধিয়া গোলাপ ফুল মৰহি যায় বাবেই, মানুহে শিলছটাকেই পূজা কৰিবলৈ আৰম্ভ কৰি দিলে। মানুহ সঁচাকৈয়ে আচৰিত। শিলৰ মূৰ্তিত ফুল ছটিয়াই। শিলৰ মূৰ্তিত ফুল ছটিয়ালে বুজিব পাৰি আৰু এটা কথা।
শিলৰ মূৰ্তিত স্থিৰতা থাকে আৰু সেয়া সকলোৱে দেখে। কিন্তু কথা হ'ল আচল বুদ্ধ এসময়ত আছিল আৰু পিছত এদিন হেৰাই গৈছিল। আনহাতে, নকল বুদ্ধ বা বুদ্ধৰ সেই শিলৰ মূৰ্তিটো আজিও আছে আৰু যুগ যুগলৈ থাকিব।
দুখ যাতে পাবলগীয়া নহয়, তাৰ বাবেই মানুহে লাহে লাহে জীৱন্ত বস্তুবোৰৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰি গৈ থাকে। সম্পৰ্ক গঢ়ি তোলে মৃত বা জড় বস্তুবোৰৰ সৈতে। তত্ৰাছ দুখ আৰু কষ্টই মানুহক পিছ নেৰে, কিয়নো মৃত বা জড় বস্তুৱে বাস্তৱৰ সুখ দিব পাৰিবই বা কেনেকৈ?
উৎসঃ এছ ধম্মো সনন্তনো, ওশ্বো