নতুন দিল্লীঃ লাগিলে ভাৰত এৰি যাব হোৱাটছএপে, কিন্তু তৎসত্বেও উলংঘা নকৰে গোপনীয়তাৰ নিময়। শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এইদৰে কয় মেটাৰ অধিবক্তাই। ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তথ্য প্ৰযুক্তিৰ নিয়মৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰি মেটাৰ অধিবক্তাই কয় যে গোপনীয়তাৰ নিশ্চয়তাৰ বাবেই মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। গতিকে ইয়াৰ সৈতে লগত কোনো আপোচ কৰিব নোৱাৰি।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে তথ্য প্ৰযুক্তি (মধ্যৱৰ্তী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ জাৰি কৰিছিল। কোৱা হৈছিল যে টুইটাৰ (এতিয়া এক্স), ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়াই নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজন হ’লে চাট অনুসৰণ কৰি যিকোনো ভাইৰেল তথ্যৰ উৎস বিচাৰি উলিয়াব লাগিব বুলিও নিয়ম জাৰি কৰিছিল মোদী চৰকাৰে।
মন কৰিবলগীয়া যে, হোৱাটছএপে ‘এণ্ড টু এণ্ড এনক্ৰিপচন’ সেৱা আগবঢ়াই আহিছে গ্ৰাহকসকলক। ইয়াৰ জৰিয়তে যিকোনো চাট নিজ নিজ ব্যৱহাৰকাৰীৰ বাবে সীমাবদ্ধ। সেই কথা-বতৰাত বাহিৰৰ কাৰোৱেই সুবিধা নাপায়। আনকি হোৱাটছএপৰ মূল কোম্পানী মেটাইও সেই চাটবোৰ পঢ়িব নোৱাৰে। কিন্তু প্ৰয়োজন হ’লে গ্ৰাহকৰ এই গোপনীয়তাৰ দেৱালখন হোৱাটছএপে ভাঙি পেলাব লাগিব বুলি কেন্দ্ৰীয় নিয়ম জাৰি কৰে যদিও মেটা কৰ্তৃপক্ষই এয়া মানি ল’বলৈ অস্বীকাৰ কৰে।
এই গোচৰৰ শুনানিত দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমীত প্ৰীতম সিং অৰোৰাৰ বিচাৰপীঠৰ সন্মুখত মেটাৰ অধিবক্তাই কয় যে তেওঁলোকে গোপনীয়তা ৰক্ষাৰ পথ ভংগ কৰাটো সম্ভৱ নহয়। তেনে কৰিবলৈ হ’লে বাৰ্তাৰ এখন দীঘলীয়া তালিকা বহুদিনলৈ ৰাখিব লাগিব। কাৰণ কোনো বাৰ্তাৰ বিষয়ে কেতিয়া তথ্যৰ প্ৰয়োজন হ’ব সেয়া আগতীয়াকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি। ফলত লাখ লাখ বাৰ্তা বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব লাগিব, যিটো অসম্ভৱ। গতিকে এই নিয়ম যদি হোৱাটছএপত প্ৰযোজ্য হয় তেন্তে তেওঁলোকে ভাৰত এৰি যাবলৈ বাধ্য হ’ব।
বিশ্বৰ আন কোনো দেশত হোৱাটছএপ সন্দৰ্ভত এনে কোনো নিয়ম প্ৰৱৰ্তন কৰা নাই বুলিও দাবী কৰে মেটাৰ অধিবক্তাগৰাকীয়ে। ইফালে এই গোচৰত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে ছ’চিয়েল মিডিয়াত আপত্তিজনক বাৰ্তা প্ৰচাৰৰ আহিলা হিচাপে প্ৰায়ে হোৱাটছএপ ব্যৱহাৰ কৰা হয়। যিটো জনসাধাৰণৰ বাবে ক্ষতিকাৰক। আনকি, এনে বাৰ্তাই কেতিয়াবা সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰে। গতিকে ২০২১ চনৰ সেই নিয়ম প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয় আছিল।
দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে পৰ্যবেক্ষণ কৰে যে সাধাৰণ মানুহৰ গোপনীয়তাৰ অধিকাৰ আছে। কিন্তু ই কেতিয়াও নিৰপেক্ষ নহয়। দুয়োৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। ১৪ আগষ্টত পুনৰ দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ বাবে আহিব এই গোচৰ। ১৪ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে ২০২১ চনত কেন্দ্ৰই আই টি নৰ্ম ঘোষণা কৰাৰ বিভিন্ন দিশক প্ৰত্যাহ্বান জনাই এতিয়ালৈকে উচ্চতম ন্যায়ালয়ত দাখিল কৰা সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ২২ মাৰ্চত এই গোচৰসমূহ দিল্লী উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰিছিল।