আকৌ এক হৃদয় বিদাৰক ৰেল দুৰ্ঘটনাই শোকস্তব্ধ কৰিছে সমগ্ৰ দেশবাসীক। সোমবাৰে পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সমীপত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ১০ জন যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই দুৰ্ঘটনাত আহত আন কেইবাজনো যাত্ৰীক বিভিন্ন হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
অৱশ্যে ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মা সিনহাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দুৰ্ঘটনাৰ ফলত ৯ জন লোক নিহত আৰু ২৫ জন লোক আহত হোৱা বুলি দাবী কৰে। তেওঁ প্ৰকাশ কৰা মতে, নিহত সকলৰ ৫ গৰাকী ৰে’লযাত্ৰী হোৱাৰ লগতে আন তিনিগৰাকী ৰে’লখনৰ কৰ্মচাৰী আছিল। ৰে’ল কৰ্মচাৰীৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী বিষয়া জয়া বাৰ্মা সিনহাই লগতে কয় যে বৰ্তমান উদ্ধাৰ অভিযানৰ সামৰণি পৰিছে আৰু আহত সকলক পশ্চিমবংগৰ বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
এন এফ আৰৰ কাটিহাৰ বিভাগৰ বিভাগীয় ৰে’লৱে মেনেজাৰে জনোৱা মতে, পুৱা ৯ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। পুৱাৰ ভাগত নিউ জলপাইগুৰিৰ পৰা শিয়ালদাহ অভিমুখে ৰাওনা হৈছিল ১৩১৭৪ নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছখন। প্ৰত্যক্ষদৰ্শীৰ মতে, এক্সপ্ৰেছ ৰে’লখনে ৰঙাপানী ষ্টেচনত প্ৰৱেশৰ পূৰ্বে চিগনেলৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে সেই ট্ৰেকত প্ৰৱেশ কৰা এখন মালবাহী ৰে’লে পিছফালৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত এক্সপ্ৰেছখনৰ শেষৰ দুটা ডবা লাইনচ্যুত হৈ বাগৰি পৰে। একে সময়তে মালবাহী ৰে’লখনো লাইনচ্যুত হয়।
মুষলধাৰ বৰষুণৰ মাজতে চলিল উদ্ধাৰ অভিযান
উল্লেখ্য যে, বাৰিষাৰ মুষলধাৰ বৰষুণে পুৱাৰে পৰা স্বাভাৱিক জীৱন ব্যহত কৰি ৰাখিছে পশ্চিমবংগৰ অন্য অন্য প্ৰান্তৰ লগতে নিউ জলপাইগুৰিতো। এনে পৰিপ্ৰেক্ষিতত ৰে’ল দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ৰ উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সন্মুখীন হয় ৰে’ল কৰ্মী আৰু উদ্ধাৰকাৰী দল। আনহাতে উদ্ধাৰৰ সমান্তৰালভাৱে আহত আৰু নিহত যাত্ৰী সম্পৰ্কে সহায়ৰ বাবে ৰঙাপানী ষ্টেচনত এটা নিয়ন্ত্ৰণ ডেস্ক স্থাপন কৰে শিয়ালদাহ ইষ্টাৰণ ৰে’লৱেয়ে। জ্যেষ্ঠ টিকট সংগ্ৰাহক ৰাজু প্ৰসাদ যাদৱে কয়, "আমি এতিয়াও কোনো ফোন পোৱা নাই। দুগৰাকী মহিলাই সোধা-পোছা কৰিবলৈ আহিছিল। হেল্পলাইন নম্বৰো কৰ্তৃপক্ষই প্ৰদান কৰিছে।’’
ইফালে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত ডবাসমুহ পৃথক কৰাৰ পিছত বাকী ডবাসমূহ আলুৱাৰীলৈ লৈ যোৱা হ’ব আৰু পৰীক্ষা কৰাৰ পিছত ৰে’লখন শিয়ালদাহ ষ্টেচন অভিমুখে ৰাওনা হ’ব বুলি ইটি ব্যুৰ’ই প্ৰকাশ কৰে। দুৰ্ঘটনাৰ সময়ত এক্সপ্ৰেছ ট্ৰেইনখনত থকা এগৰাকী যাত্ৰীয়ে এই ভয়ংকৰ দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰি কয়, "ৰে’লখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত মই বি ১ কোচত যাত্ৰা কৰি আছিলো। পিছত মোক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে। মউ মূৰত আঘাত পাইছো।’’
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই দুৰ্ঘটনাৰ পিছত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলক ২.৫ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত সকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰে।
কিহৰ বাবে সংঘটিত হ’ল কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা?
এন এফ ৰে’লৱেৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, ১৭ জুনৰ পুৱা ৯ বজাত সংঘটিত হোৱা এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ মূল কাৰণ হৈছে কম দৃশ্যমানতা। পুৱাৰে পৰা হৈ থকা প্ৰৱল বৰষুণৰ ফলত সন্মুখৰ সঠিক চিগনেল ধৰিব নোৱাৰি মালবাহী ৰে’লখনে পিছফালৰ পৰা এক্সপ্ৰেছ ৰে’লখনত খুন্দা মাৰে বুলি মন্তব্য কৰে ৰে’ল বিষয়াগৰাকীয়ে।
অন্যহাতে পশ্চিমবংগৰ এই ভয়াবহ ৰে’ল দুৰ্ঘটনাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ৰে’লৱেৰ অটোমেটিক ৰে’ল সুৰক্ষা ব্যৱস্থা “কৱচ”। এয়া হৈছে ৰে’ল দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক অত্যাধুনিক ইলেক্ট্ৰনিক ব্যৱস্থা। উল্লেখ্য যে, ২০২২ চনৰ মাৰ্চত ৰে’ল দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰে’ল মন্ত্ৰণালয়ে 'কৱচ’ৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। তাৰ পিছতে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু শাসকীয় কেন্দ্ৰীয় চৰকাৰে 'কৱচ’ক লৈ বহুল প্ৰচাৰ চলাইছিল। 'কৱচ’ ব্যৱহাৰ কৰি ৰে’ল দুৰ্ঘটনা সম্পূৰ্ণৰূপে প্ৰতিৰোধৰ আশ্বাস দি দাবী কৰা হৈছিল যে সকলো দ্ৰুতবেগী ৰে’লত এই অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।
কিন্তু ৰে’ল মন্ত্ৰণালয় বা কেন্দ্ৰীয় চৰকাৰৰ এই দাবী যে কেৱল মিথ্যাচাৰ, সেয়া শেহতীয়াকৈ সংঘটিত কেইবাটাও ৰে’ল দুৰ্ঘটনাই প্ৰমাণ কৰিছে। যোৱা বছৰ জুন মাহতে ওড়শাৰ বালাছোৰত তিনিখন ৰে’লৰ মাজত সংঘটিত দুৰ্ঘটনাৰ সময়তো 'কৱচ’-এ চৰ্চা লাভ কৰিছিল। সেই দুৰ্ঘটনাৰ পিছত ভৱা হৈছিল যে এইবাৰ কৱচ সঁচাকৈয়ে ৰে’ল মন্ত্ৰণালয়ে দ্ৰুতবেগী ৰে’লত ব্যৱহাৰ কৰিব। কিন্তু তাৰ পিছত আজি পুনৰ সংঘটিত হ’ল এই হৃদয় বিদাৰক দুৰ্ঘটনা।
উল্লেখ্য যে, যোৱা বছৰ অৰ্থাৎ ২০২৩ৰ ২ জুনত ওড়িশাৰ বালাছোৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত চেন্নাই অভিমুখী শালিমাৰ্ চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে ভুল ট্ৰেকত প্ৰৱেশ কৰি প্ৰথমে এখন মালবাহী ৰে’লত খুন্দা মাৰে। ইয়াৰ পিছতে বাংগালুৰু-হাওৰা ছুপাৰফাষ্ট ৰে’লখনেও তীব্ৰ বেগে আহি ৰে’লৱে ট্ৰেকত সিঁচৰিত হৈ থকা কৰমণ্ডল এক্সপ্ৰেছৰ ডবাত খুন্দা মৰাত একেলগে তিনিখনকৈ ৰে’ল দুৰ্ঘটনাগ্ৰস্ত হয়। মাত্ৰ এটা বছৰ পূৰ্বে সংঘটিত এই দুৰ্ঘটনাতো মুঠ ২৯৬ জন যাত্ৰীৰ মৃত্যু ঘটিছিল।
ৰাষ্ট্ৰপতি, ৰেলমন্ত্ৰীৰ শোক প্ৰকাশ
পুৱাৰ ভাগত সংঘটিত এই ভয়াবহ দুৰ্ঘটনাৰ পিছতে টুইটযোগে শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আদি সকলে। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লিখিছে, "এইমাত্ৰ দাৰ্জিলিং জিলাৰ ফানছৌৱাড়া অঞ্চলত সংঘটিত কৰুণ ৰে’ল দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি শোকবিহ্বল হৈ পৰিছো। নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছো।’’
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই দুৰ্ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। তেওঁ লিখিছে, "এন এফ আৰ জ'নত দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংঘটিত হৈছে। উদ্ধাৰ অভিযান যুদ্ধগতিত চলি আছে। ৰে’লৱে, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ঘনিষ্ঠ সমন্বয়ত কাম কৰি আছে।’’
দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোক প্ৰকাশ কৰি এক্সত লিখিছে, "পশ্চিম বংগৰ দাৰ্জিলিঙত ৰেল দুৰ্ঘটনাৰ ফলত কেইবাজনোও প্ৰাণ হেৰুওৱাৰ খবৰ অত্যন্ত মৰ্মান্তিক। নিহত সকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।"