গুৱাহাটীঃ এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ দেওবাৰৰ দিনটোত ৰাজ্যৰ সৰ্বত্ৰে পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে ভীষণ ব্যস্ততা অব্যাহত থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ডিজিটেল ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ 'ডিজিটেল অসম’ত বিৰাজ কৰিছিল একপ্ৰকাৰ মৰিশালিৰ নিস্তব্ধতাই। পৰীক্ষাত যাতে কোনোধৰণৰ খেলিমেলি সংঘটিত নহয় তাৰবাবেই ৰাজ্য চৰকাৰে মোবাইল নেটৱৰ্ক প্ৰদানকাৰী সংস্থাসমূহক ১৫ ছেপ্টেম্বৰৰ দৰেই এইবাৰো মোবাইল ইণ্টাৰনেট কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশ অনুযায়ী দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ সম্পূৰ্ণ ৮ ঘণ্টা অসম একপ্ৰকাৰ ইণ্টাৰনেটবিহীন হৈ পৰে।

মাত্ৰ ৪ হাজাৰজনক চৰকাৰী সংস্থাপন দিবলৈ গৈ এনেদৰে ৰাজ্য চৰকাৰে কোটি কোটি লোকক ডিজিটেলি সংযোগবিহীন কৰি তোলে। তাৰ মাজতে ভয়াৱহ নিবনুৱা সমস্যাই গ্ৰাস কৰা ৰাজ্যখনত ৪১৮টা চালক পদৰ বাবে হোৱা পৰীক্ষাত অৱতীৰ্ণ হয় ২,০৪,০৯১ জন প্ৰাৰ্থী। একেদৰে ৪০৫৫টা স্নাতক পৰ্যায়ৰ চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হয় ৫,২৯,৯৮৯ জন প্ৰাৰ্থীয়ে। 

২০২১ চনৰ এক পৰিসংখ্যা অনুযায়ী অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ১ কোটি ২০ লাখ। ইয়াৰে প্ৰায় ৯৮ শতাংশই হৈছে মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰী। মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ অধিকাংশ লোকেই ডিজিটেল ইণ্ডিয়াৰ ফলস্বৰূপে দৈনন্দিন জীৱনত বিভিন্নধৰণে ইণ্টাৰনেট নিৰ্ভৰ হৈ পৰিছে। দেওবাৰৰ দিনটো চৰকাৰী চাকৰিয়ালসকলৰ বাবে বন্ধৰ দিন হ’লেও ইণ্টাৰনেট নিৰ্ভৰ জীৱিকাৰ সৈতে জড়িত লোকৰ বাবেই সেই দিনটোও হৈছে কামৰ দিন। বিশেষকৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হৈ পৰা মোবাইল এপ নিৰ্ভৰ কামত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে লাখ লাখ যুৱক-যুৱতী। 

কেৱল গুৱাহাটী মহানগৰীতে অলা, উবেৰ, ৰেপিডো, জমেটো, ছুইগি আদিৰ সৈতে জড়িত হৈ আছে অতিকমেও ৩০ হাজাৰ লোক। এমাজন, ফ্লিপকাৰ্ট তথা আন বিভিন্ন ই-কমাৰ্চ ৱেবছাইটৰ ডেলিভাৰীৰ সৈতে জড়িত হৈ আছে ৫০০০ লোক। সমগ্ৰ ৰাজ্যখনলৈ চালে মোবাইল এপ নিৰ্ভৰ জীৱিকাৰ সৈতে প্ৰত্যক্ষভাৱে ১ লাখৰো অধিক লোক জড়িত হৈ আছে। পৰোক্ষভাৱে মোবাইল এপ তথা ইণ্টাৰনেট নিৰ্ভৰ জীৱিকাৰ সৈতে জড়িত হৈ আছে অসমৰ প্ৰায় ৫ লাখ লোক। দেওবাৰ মানেই এইলোকসকলৰ বাবে বন্ধৰ দিন নহয়। বৰং দেওবাৰৰ দিনটোত এনে লোকসকলৰ কামৰ পৰিমাণ তথা উপাৰ্জনৰ পৰিমাণো বৃদ্ধিহে পায়। 

আনহাতে, ইণ্টাৰনেট নিৰ্ভৰ ব্যৱসায়ৰ সৈতেও জড়িত হৈ আছে ৰাজ্যখনৰ লাখ লাখ ব্যৱসায়ী। এনে ব্যৱসায়ীসকলৰ বাবেও দেওবাৰৰ দিনটো চৰকাৰী চাকৰিয়ালৰ দৰে বন্ধৰ বাৰ নহয়। মোবাইল ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীসকলৰ ওপৰতেই এইসকল ব্যৱসায়ীৰ ব্যৱসায় নিৰ্ভৰ কৰে। ইণ্টাৰনেট নিৰ্ভৰ জীৱিকাৰ সৈতে জড়িতসকলৰ ১০ শতাংশই আজিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলি ধৰিলেও ৯০ শতাংশই গোটেই দিনটো ইণ্টাৰনেট বন্ধ হৈ পৰাত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই অধিক। 

একেদৰে জীৱন-জীৱিকাৰ সৈতে প্ৰত্যক্ষভাৱে মোবাইল ইণ্টাৰনেট নিৰ্ভৰ নহ’লেও সাধাৰণ লোকসকলৰো অধিকাংশই দিন-বাৰ ব্যতিৰেকে বিভিন্ন গুৰুত্বপূৰ্ণ কাম মোবাইল ইণ্টাৰনেটৰ জৰিয়তেই কৰি আহিছে। কিন্তু মাত্ৰ ৪৪৭৩ জনক চৰকাৰী সংস্থাপন দিয়াৰ নামত ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে সাধাৰণ লোকসকলৰ সুবিধা-অসুবিধালৈ নাচাই ইণ্টাৰনেট কৰ্তন কৰাত এতিয়া প্ৰায় প্ৰতিটো পষেকতে দেওবাৰে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিছে। 

দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৭লাখ লোকৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে প্ৰায় ১ কোটিৰো অধিক মোবাইল ইণ্টাৰনেট ব্যৱহাকাৰী। প্ৰায় ১৫ দিন পূৰ্বে হোৱা পৰীক্ষাতো এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল মোবাইল ইণ্টাৰনেট নিৰ্ভৰ এইসকল লোক। ইফালে, ডিজিটেল ইণ্ডিয়াত ছপা নোটৰ পৰিৱৰ্তে দেশৰ আন প্ৰান্তৰ দৰে অসমতো ইউপিআই লেনদেন বৃদ্ধি পাইছে। নগৰাঞ্চল বাদেই, ভিতৰুৱা গ্ৰামাঞ্চলতো ইউপিআই লেনদেন দ্ৰুতগতিত বৃদ্ধি পাইছে। 

নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অব ইণ্ডিয়া চমুকৈ এনপিচিআইৰ তথ্য অনুযায়ী ভাৰতত প্ৰতিমাহে ২০ লাখ কোটি টকাৰ আশে-পাশে ইউপিআই লেনদেন হয়। দৈনিক দেশখনত হোৱা ইউপিআই লেনদেনৰ পৰিমাণ হৈছে প্ৰায় ৭০০০ কোটি। দেশৰ সৰ্বাধিক ইউপিআই লেনদেন হোৱা ৰাজ্যসমূহৰ তালিকাত অসমৰ স্থান হৈছে শেষৰ ফালৰ পৰা পঞ্চম। সেই হিচাপত অসমত এদিনত ৭০ কোটি টকাৰ আশে-পাশে ইউপিআই লেনদেন হৈ আহিছে। এই কথাবোৰক সম্পূৰ্ণৰূপে আওকাণ কৰি আজি মাত্ৰ ৪ হাজাৰ লোকক চাকৰি দিয়াৰ নামত চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰাত লাখ লাখ লোকৰ দৈনন্দিন জীৱনক প্ৰভাৱান্বিত কৰাৰ লগতে প্ৰায় ৭০ কোটি টকাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে অসম। 

উল্লেখ্য যে, আজিৰ পৰা দুই-তিনি বছৰ আগলৈকে কোনো দল-সংগঠনে বিভিন্ন দাবীৰ সমৰ্থনত অসম বন্ধৰ আহ্বান দিলে বন্ধৰ ফলত ৰাজ্যখনত হোৱা আৰ্থিক ক্ষতিৰ কথা উল্লেখ কৰি তেনে সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা চৰকাৰে কৈ আহিছিল। এই যুক্তিতে ন্যায়ালয়েও তেনে সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈকো নিৰ্দেশ দিছিল। কিন্তু মাত্ৰ ৪ হাজাৰ লোকক চৰকাৰী চাকৰি দিয়াৰ নামত ইণ্টাৰনেট কৰ্তন কৰি লাখ লাখ লোকক সমস্যাত পেলোৱা তথা এটা দিনতে ৭০ কোটিৰো অধিক আৰ্থিক ক্ষতি হ’বলৈ দিয়া চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে কোনো দল-সংগঠনে আদালতৰ দ্বাৰস্থ নোহোৱা বিষয়টোৱেও যথেষ্ট তাৎপৰ্য বহন কৰিছে। 

বিশেষকৈ, অসমৰ অনুৰূপধৰণে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি ঝাৰখণ্ড চৰকাৰে দিনদিয়েক পূৰ্বে ৰাজ্যখনত ইণ্টাৰনেট কৰ্তনৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডে অসমক কপি কৰিছে বুলি মন্তব্য কৰিছিল। কিন্তু ঝাৰখণ্ডৰ একাংশ সচেতন লোকে তেনে সিদ্ধান্তৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰক ককৰ্থনা কৰে আৰু তেনে সিদ্ধান্ত পৰিহাৰৰ নিৰ্দেশ দিয়ে।

ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তক অসমৰ পৰা কপি কৰা বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এই পৰ্যন্ত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে পৰীক্ষাৰ নামত ইণ্টাৰনেট কৰ্তন কৰিব নোৱাৰিব বুলি দিয়া নিৰ্দেশক লৈ কোনো মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই। এনেদৰে এতিয়া ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰ অৰ্থাৎ এমাহতে দুবাৰকৈ ইণ্টাৰনেট কৰ্তন কৰি কোটি কোটি লোকক সমস্যাত পেলোৱাৰ লগতে ৰাজ্যখনক ১৪০ কোটিৰো অধিক আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলৈ এৰি দিছে হিমন্ত বিশ্ব চৰকাৰে। অনাগত নিযুক্তি পৰীক্ষাসমূহতো যদিহে এনেদৰেই ৮ ঘণ্টাকৈ ইণ্টাৰনেট কৰ্তন কৰে তেন্তে ৰাজ্যখনৰ আৰ্থিক ক্ষতিৰ লগতে ডিজিটেল অসমৰ সাধাৰণ লোকসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাতো নিশ্চিত।