কোকৰাঝাৰঃ বিজেপিক পৰাভূত কৰিবলৈ আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ থাকিব লাগিব। বিজেপিৰ অপশাসনৰ পৰা মুক্ত হ’বলৈ হ’লে আমি ঐক্যবদ্ধ হৈ থকাটো জৰুৰী। অপশাসনৰ পৰা মুক্ত পাবলৈ হলে ২০২৬ চনৰ নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। সমাগত উপ-নিৰ্বাচনত বিহালী সমষ্টিক লৈ বিৰোধী ঐক্যত ফাঁট মেলাৰ উপক্ৰম হোৱাৰ সময়তে কোকৰাঝাৰত এই মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাগুৰমাৰি আঞ্চলিক সমিতিৰ সহযোগত কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গৌৰাং নদীৰ পাৰৰ গৌৰাংছা বাগিছাগাঁৱত অনুষ্ঠিত হোৱা এবিএমছুৰ চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু কোকৰাঝাৰ জিলা এবিএমছুৰ নৱম দ্বিবাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অখিল গগৈয়ে উক্ত মন্তব্য কৰে। নিজ ভাষণত অখিল গগৈয়ে লাফিকুল ইছলামৰ হত্যাকাণ্ড ৰাজনৈতিক ষড়যন্ত্ৰ আছিল বুলি দাবী কৰি কয় যে ষড়যন্ত্ৰ আছিল বাবে আজিলৈকে লাফিকুল ইছলামৰ হত্যাকাৰীয়ে শাস্তি নাপালে।

বিজেপি, অগপ আৰু ইউপিপিএলক কঠোৰ সমালোচনা কৰি অহা ২০২৬ চনৰ নিৰ্বাচনত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰি অখিল গগৈয়ে নিজৰ উদাত্ত ভাষণত কয় যে যেতিয়ালৈকে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে সংখ্যালঘু জনতাই এটা নিশাও শান্তিৰে শুব নোৱাৰিব। সমগ্ৰ ভাৰতত সংখ্যালঘুসকলে নিৰ্যাতিত, নিপীড়িত আৰু ভয়াৰ্ত হৈ থাকিব লগা হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰখন সংখ্যালঘুৰ ডাঙৰ শত্ৰু আৰু অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মা হ'ল সংখ্যালঘুৰ ডাঙৰ শত্ৰু। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ পৰা সংখ্যাগুৰু-সংখ্যালঘু সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই ২০২৬ চনত সকলোকে ঐক্যবদ্ধ হৈ ৰাজনৈতিকভাৱে ব্ৰহ্মপুত্ৰয়েদি বাংলাদেশলৈ উটুৱাই দিয়াৰ আহ্বান জনায়।

জনতাৰ তুমুল হৰ্ষধ্বনিৰ মাজেৰে অখিল গগৈয়ে অতি উদাত্ত কণ্ঠৰে প্ৰমোদ বড়ো চৰকাৰকো কঠোৰ সমালোচনা কৰি বিটিআৰৰ জনতা ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে। বিটিচিৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ হুংকাৰ প্ৰদান কৰি অখিল গগৈ ইয়াৰ বাবে ৰণকৌশল আৰম্ভ কৰা বুলি সদৰী কৰে। উপ-নিৰ্বাচনৰ পিছতে প্ৰমোদ  বড়ো চৰকাৰে পুনৰাই উচ্ছেদ চলাব বুলি সদৰী কৰি অখিল গগৈয়ে কয় যে এইবাৰ যিকোনো জাতি-জনগোষ্ঠীৰ এটা ঘৰৰ ওপৰত উচ্ছেদৰ বুলডজাৰ চলালে সকলোকে ঐক্যবদ্ধ হৈ বিটিআৰত নিৰবিচ্ছিন্ন আন্দোলন চলোৱাৰ বাবে আহ্বান জনায়। উক্ত আন্দোলনত তেওঁ নিজেও সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আজিৰ শ্বহীদ দিৱসৰ অনুষ্ঠানত ফেচিবাদী, সাম্প্ৰদায়িক, সংখ্যালঘু নিধনকাৰী বিজেপি আৰু বিজেপিৰ সহযোগী ইউপিপিএল, অগপৰ সতে যাতে কোনেও জাতিৰ স্বাৰ্থ বিঘ্নিত কৰি হাত নিমিলায় তাৰ প্ৰতি সচেতন হ’বলৈকো আহ্বান জনাইছে অখিল গগৈয়ে। ইফালে, সংবাদমাধ্যমৰ আগত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। আজি পুৱালৈকে ঠিকে থকা ভূপেন বৰাই কি কাৰণত পদত্যাগ কৰিলে সেয়া বোধগম্য নহয় আৰু আশাকৰো আমি ভুল বুজাবুজি দূৰ কৰিব পাৰিম বুলি মন্তব্য কৰি কোকৰাঝাৰৰ পৰা গুৱাহাটী গৈ পোৱাৰ পিছতে বিষয়টো সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে গগৈয়ে।

শক্তিশালী প্ৰাৰ্থী দি ঐক্যবদ্ধভাৱে থাকি বিজেপিক পৰাভূত কৰাটোৱেই মূল লক্ষ্য হোৱা উচিত বুলি মন্তব্য কৰি অখিল গগৈয়ে উপ নিৰ্বাচনৰ চাৰিটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়ক, বাকী বিহালী সমষ্টিত অসম সন্মিলিত মঞ্চৰ (কংগ্ৰেছৰ বাহিৰে) প্ৰাৰ্থী থাকক বুলি মন্তব্য কৰিছে। আনহাতে, নিয়াই ৰাষ্ট্ৰদোহ আৰু মাওবাদী গোচৰত দোষমুক্ত কৰা সন্দৰ্ভত অখিল গগৈয়ে কয় যে নিয়াৰ দুটা গোচৰত তেওঁক মুক্ত কৰিছে আৰু দুটা গোচৰ জাপি দিছে। গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰি মোৰ ওপৰত অন্যায়ভাৱে এই গোচৰ জাপি দিছে বুলি মন্তব্য কৰি অখিল গগৈয়ে নিয়াই গোচৰ জাপি দিয়া সন্দৰ্ভত উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি সদৰী কৰিছে।

আজিৰ সভাত এবিএমছুৰ সভাপতি টাইছন হুছেইনে সংখ্যালঘু ৰাইজৰ প্ৰতি চৰকাৰে কৰি অহা অন্যায়-অবিচাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ মন্তৰত অহা ১৪ নৱেম্বৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সদৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ সংখ্যালঘু জনতাৰ সাংবিধানিক অধিকাৰ কাঢ়ি নিবলৈ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই থোৱা হৈছে নেকি বুলি যন্তৰ মন্তৰৰ ধৰ্ণা কাৰ্যসূচীত এবিএমছুৱে প্ৰশ্ন উত্থাপন কৰিব বুলি সদৰি কৰি টাইছন হুছেইনে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি সদৰি কৰিছে।

মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘু জনতাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰি ধাৰাবাহিক উচ্ছেদ, এনকাউণ্টাৰ, বুলডজাৰেৰে সংবিধানপ্ৰদত্ত অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰি টাইছন হুছেইনে শ্বহীদ লাফিকুল ইছলামৰ তেজক লৈও হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে ৰাজনীতি কৰিবলৈ নেৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে আজি এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত কেবা সহস্ৰাধিক জনতা উপস্থিত থকাৰ লগতে এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল শ্বেখ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল ডেকা, আদিবাসী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাক্ৰা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।