গুৱাহাটীঃ বৃহস্পতিবাৰৰ পুৱা। খ্ৰীষ্টমাছৰ ছুটিৰ পিছত পুনৰ আৰম্ভ হৈছিল জীৱনৰ ব্যস্ততা। পুৱা কৰ্মক্ষেত্ৰলৈ ওলাই আহি পথৰ দাঁতিত বুক কৰা ৰেপিড’খনৰ বাবে ৰৈ আছিল মৌচুমী। ঠিক তেনেতেই এখন বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ আহি কাষত ৰয় ২৮ বৰ্ষীয় যুৱতীগৰাকীৰ। ইয়াৰ পিছত গাড়ীৰ চালকৰ আসনৰ পৰা নামি আহে এজন ব্যক্তি, হাতত এখন ছুৰী! মৌচুমীয়ে চিনাকি মুখখনৰ আঁৰৰ কু-অভিসন্ধি বুজি পোৱাৰ পূৰ্বেই ৰক্তাক্ত হৈ পৰে তেওঁৰ শৰীৰ। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত যুৱতীগৰাকীক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসা লাভৰ পূৰ্বেই মৃত্যু ঘটে তেওঁৰ।

খ্ৰীষ্টমাছৰ পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত এনে এক লোমহৰ্ষক হত্যাকাণ্ডই সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পুৱা ৰেপিড’ৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে লাষ্টগেটৰ নাহৰণি পথৰ ১৪নং বাসগৃহৰ সন্মুখত ভূপেন দাস নামৰ এজন ব্যক্তিয়ে ছুৰীকাঘাত কৰি নৃশংসভাৱে হত্যা কৰে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক। গুৱাহাটীৰ এটা এন জি অ’ৰ সৈতে জড়িত হৈ স্বাস্থ্য সেৱা কৰ্মচাৰী হিচাপে কাম কৰি থকা যুৱতীগৰাকীয়ে বিগত এমাহ ধৰি নাহৰণি পথতে ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল।

ইফালে, যুৱতীগৰাকীক হত্যা কৰাৰ পাছত নিজেও আত্মহত্যাৰ চেষ্টা চলায় ভূপেন দাস নামৰ যুৱকজনে। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। হত্যাকাৰী ভূপেনৰ ঘৰ নলবাৰী জিলাৰ সৰিয়হতলীৰ মালাকৰ চুবুৰীত। পেছাত এজন গাড়ী চালক লোকজনে বিগত কেইবাবছৰো ধৰি গুৱাহাটীত পত্নী আৰু দুই কন্যাসহ বাস কৰি আহিছে। 

জানিব পৰা মতে, বিগত প্ৰায় দুবছৰ ধৰি মৌচুমীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ভূপেন দাসৰ। কিন্তু ভূপেন যে বিবাহিত সেই কথা জনা নাছিল মৌচুমীয়ে। টিংখঙৰ  ৩নং কপহুৱা গাঁও নিৱাসী মৌচুমীৰ পিতৃ প্ৰফুল্ল গগৈ। শৈশৱতে মাতৃহাৰা হৈছিল মৌচুমী। খবৰ অনুসৰি, পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মৌচুমীৰ স্বামীৰ এক দুৰ্ঘটনাত মৃত্যু ঘটিছিল। ইয়াৰ পিছতে স্বামীগৃহৰ নিৰ্যাতন সহিব নোৱাৰি মাতৃগৃহলৈ ঘূৰি আহিছিল তেওঁ। বিবাহসূত্ৰে দুটি সন্তানৰ মাতৃ আছিল মৌচুমী। জানিব পৰা মতে, এটি সন্তান এবছৰ পূৰ্বে ব্ৰেইন টিউমাৰ হৈ ঢুকাইছিল। ইয়াৰ পিছতে ৮ বছৰীয়া আনটো সন্তানক স্বামীগৃহত আইতাকৰ লগত থৈ গুৱাহাটীত থাকিবলৈ লৈছিল মৌচুমীয়ে। 

প্ৰায় দুবছৰ পূৰ্বে গুৱাহাটীতে গাড়ী চালক ভূপেন দাসৰ সৈতে পৰিচয় ঘটিছিল মৌচুমীৰ। লাহে লাহে তেওঁলোকৰ মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। এবাৰ বিহুত মৌচুমীহঁতৰ ঘৰলৈ ফুৰিবলৈও গৈছিল ভূপেন দাস। কিন্তু তেতিয়ালৈকে ভূপেন বিবাহিত বুলি জনা নাছিল তেওঁ।

কিন্তু এই বিষয়ে যেতিয়াই তেওঁ জানিব পাৰিলে, তাৰ পিছতে ভূপেনৰ সৈতে দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে মৌচুমী গগৈয়ে। কিন্তু এয়া যেন সহ্য কৰিব পৰা নাছিল ভূপেনে। তেওঁ প্ৰায়ে মৌচুমীক ফোন কৰি আমনি কৰাৰ লগতে যুৱতীগৰাকীৰ ভাড়াঘৰৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টাধৰি ৰৈ থাকিছিল। আনকি নিজকে শেষ কৰি দিয়াৰো ভাবুকি দিছিল ভূপেন দাসে। এনে কাৰণতে প্ৰায় এমাহ পূৰ্বে যুৱকজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল মৌচুমী গগৈয়ে।

ইফালে বুধবাৰে ভূপেনে কামাখ্যালৈ ভাড়া লৈ যাম বুলি ভাড়ালৈ আনিছিল দীপ ভড়ালী নামৰ এজন লোকৰ ছুইফ্ট ডিজায়াৰ বাহনখন। সেই গাড়ীখন লৈয়ে শুকুৰবাৰে পবিতৰালৈও যোৱাৰ কথা আছিল তেওঁ। জানিব পৰা মতে, খ্ৰীষ্টমাছৰ দিনটোত সন্ধিয়া ৫ বজাৰ পৰা ৮.৩০ বজালৈ একেলগে আছিল ভূপেন দাস আৰু মৌচুমী গগৈ। বুজাপৰাৰ মাজেৰে মৌচুমীয়ে তৰা গোচৰ বৃহস্পতিবাৰে উঠাই লোৱাৰো কথা আছিল। কিন্তু ইয়াৰ পূৰ্বেই পুৱা মৌচুমীক হানি খুচি হত্যা কৰি নিজেও চোকা অস্ত্ৰৰে আত্মহত্যাৰ চেষ্টা চলায় ভূপেন দাসে। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন ভূপেনৰ পাৰ্চত উদ্ধাৰ হৈছে মৌচুমীৰ প্ৰায় ২০ খন ফটো।

মহানগৰীৰ মাজমজিয়াত দিনৰ পোহৰতে সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই এতিয়া আতংকিত কৰিছে সাধাৰণ নাগৰিকক। মহানগৰীত মহিলাৰ সুৰক্ষাক লৈও এতিয়া নানান প্ৰশ্নৰ উত্থাপন হৈছে।