বৃহস্পতিবাৰৰ পুৱা। খ্ৰীষ্টমাছৰ ছুটিৰ পিছত পুনৰ আৰম্ভ হৈছিল মানুহবোৰৰ কৰ্মব্যস্ততা। সময় তেতিয়া ১০.৫০ বাজিছিল। লাষ্টগেটৰ নাহৰণি পথৰ নিজৰ ভাড়াঘৰৰ সন্মুখত ৰৈ কাম কৰা স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যালয়লৈ যাবলৈ বুলি ৰেপিড’ এখন বুক কৰিছিল মৌচুমীয়ে। কিন্তু সেই বাটতেই তেওঁৰ বাবে ৰৈ আছিল মৃত্যুদূত!

বুক কৰা ৰেপিড’ বাইকখনত উঠিবলৈ লওঁতেই মৌচুমীক হত্যা কৰিলে তেওঁৰ প্ৰাক্তন প্ৰেমিকে। লাষ্টগেটৰ পূবেৰুণ পথত পূৰ্বৰে পৰাই খাপ পিতি ৰৈ থকা যুৱকজনে প্ৰথমে যুৱতীগৰাকীৰ ওচৰলৈ আহি তৰ্কত লিপ্ত হয়, আৰু ইয়াৰ পিছতে গাড়ীৰ পৰা চোকা অস্ত্ৰ উলিয়াই নৃশংসভাৱে আক্ৰমণ কৰি মুমূৰ্ষ অৱস্থাত পথৰ দাঁতিত যুৱতীগৰাকীক পেলাই থৈ পলায়ন কৰে ঘাতকে।

ডিঙি, পেট, হাতত গুৰুতৰভাৱে আঘাত পোৱা মৌচুমীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হ’ল যদিও তেওঁৰ জীৱন ৰক্ষা নপৰিল। আনহাতে এই হত্যাকাণ্ড সংঘটিত কৰি বেলতলাত পথৰ দাঁতিত গাড়ীৰ ভিতৰত পেটত ছুৰী সুমুৱাই আৰু কেৰাচিন তেল খাই আত্মহননৰ চেষ্টা কৰে ঘাতকেও। বৰ্তমান গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ আছে ঘাতক।

বৃহস্পতিবাৰে দিনৰ পোহৰত লোকচক্ষুৰ সন্মুখতে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যত। প্ৰেমিকৰ হাতত প্ৰেমিকাৰ প্ৰাণ যোৱাৰ ঘটনা অৱশ্যেই এয়া প্ৰথম নহয়, কিন্তু ভালপোৱাৰ এনে নৃশংস অধ্যায়ে আকৌ এবাৰ যেন সকলোকে আতংকিত কৰি তুলিছে।

আচলতে ঘটনা কি?

গুৱাহাটীৰ মাজমজিয়াত জীৱন হেৰুওৱা ২৭ বছৰীয়া যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। ঘাতকৰ নাম ভূপেন দাস। টিংখাঙৰ ৩নং নলনী কপহুৱা গাঁৱৰ মৌচুমী আছিল গুৱাহাটীৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ সৈতে কৰ্মৰত। আনহাতে পেছাত গাড়ী চালক ভূপেন দাসৰ ঘৰ নলবাৰী জিলাৰ সৰিয়হতলীৰ মালাকৰ চুবুৰীত। বিগত প্ৰায় দুটা বছৰে তেওঁলোকৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক।

দুই সন্তানৰ মাতৃ মৌচুমী। প্ৰায় চাৰি বছৰ পূৰ্বে এক ভয়ংকৰ পথ দুৰ্ঘটনাত স্বামীৰ মৃত্যুৰ পিছত জীৱন আৰু জীৱিকাৰ তাড়নাত গুৱাহাটীভিমুখী হৈছিল মৌচুমী। এবছৰ পূৰ্বে ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই তেওঁৰ সৰুজনী ছোৱালীয়েও। ডাঙৰজনী ছোৱালী এতিয়া আইতাকৰ সৈতে থাকি প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি আছে। 

ভূপেন দাসৰো আছে দুটি সন্তান আৰু পত্নী। বশিষ্ঠৰ পাটৰকুছিৰ ভাড়াতীয়া ভূপেনে গুৱাহাটী-বৰপেটা পথত ষ্টাৰ বাছ চলায়, কেতিয়াবা গুৱাহাটীত চিটি বাছ চলায়। কেতিয়াবা আনৰ গাড়ী ভাড়ালৈ লৈ ভাড়াও মাৰে ভূপেন দাসে। 

প্ৰায় দুবছৰ পূৰ্বে গুৱাহাটীতে পৰিচয় ঘটিছিল মৌচুমী আৰু ভূপেনৰ। লাহে লাহে এই চিনাকিয়ে ভালপোৱাৰ ৰূপ লৈছিল। খবৰ অনুসৰি প্ৰথমাৱস্থাত ভূপেন যে বিবাহিত সেই কথা জনা নাছিল মৌচুমীয়ে। কিন্তু যেতিয়াও তেওঁ এয়া জানিব পাৰে, তেতিয়াই ভূপেনৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰে। এয়াই যেন সহ্য কৰিব পৰা নাছিল পৰকীয়া প্ৰেমত মগন ভূপেন দাসে।

মৌচুমী গগৈয়ে দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰাত  ক্ষুব্ধ হৈ পৰা ভূপেনে তেওঁক বাৰে বাৰে আমনি কৰিবলৈ আৰম্ভ কৰে, ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁৰ ভাড়াঘৰৰ সন্মুখত অপেক্ষা কৰিবলৈ আৰম্ভ কৰে। ভূপেনৰ এনে আচৰণৰ বাবে যোৱা ৮ ডিচেম্বৰত পাণবজাৰৰ মহিলা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল মৌচুমী গগৈয়ে। লগতে সলনি কৰিছিল নিজৰ ঠিকনাও। যোৱা এমাহ পূৰ্বে তেওঁ লাষ্টগেটৰ নাহৰণি পথৰ ১৪নং বাসগৃহৰ ভাড়াতীয়া হৈছিল।

ইফালে মৌচুমী গগৈয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতেই বুধবাৰে ভূপেন দাসক সোধা-পোছাৰ বাবে থানালৈ মাতি নিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীয়ে মাতি পঠিওৱাৰ কিছু ঘণ্টা পিছতে তেওঁ সংঘটিত কৰে এই নৃশংস হত্যাকাণ্ড।

সূত্ৰ অনুসৰি, খ্ৰীষ্টমাছৰ দিনটোতো সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা নিশা ৮.৩০ বজালৈকে নাহৰণি পথতে মৌচুমীৰ বাবে অপেক্ষা কৰি ৰৈছিল ভূপেন দাসে। সেইদিনাই তেওঁ দিনৰ ভাগত নিতৌ ৫ হাজাৰ টকাৰ ভাড়াৰ বিনিময়ত এজন ব্যক্তিৰ পৰা ভাড়ালৈ লৈছিল এখন বগা ৰঙৰ ছুইফট ডিজিয়াৰ। খবৰ অনুসৰি সেই গাড়ীখন লৈ মৌচুমীৰ সৈতে কামাখ্যা আৰু পবিতৰাৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ। 

হত্যাকাণ্ড সংঘটিত কৰাৰ দিনটোত পুৱা ৮.৩০ বজাত ঘৰৰ পৰা ওলাই আহিছিল ভূপেন দাসে। ইয়াৰ পিছতে গাড়ীসহ পূবেৰুণ পথত মৌচুমীৰ বাবে খাপ পিতি ৰৈছিল তেওঁ। পুৱা ১০.৫০ বজাত মৌচুমীয়ে কাৰ্যালয়লৈ বুলি যাবলৈ ওলোৱাৰ সময়তে গাড়ীৰ পৰা নামি আহি ভূপেনে যুৱতীগৰাকীৰ সৈতে প্ৰথমে তৰ্কত লিপ্ত হয়। তাৰ পিছতে গাড়ীৰ পৰা ছুৰী এখন আনি মৌচুমীৰ শৰীৰত উপৰ্যুপৰি আঘাত কৰি গাড়ীখন লৈ সেই স্থানৰ পৰা পলায়ন কৰে।

ইফালে এই হত্যাকাণ্ডৰ পিছত হাতৰ তলুৱাত কলেমেৰে আত্মহত্যাৰ টোকা লিখি আত্মহননৰ চেষ্টা চলায় ঘাতকেও। কিন্তু বেলতলাৰ পথৰ দাঁতিত গাড়ীৰ ভিতৰত ঘাতকক মুমূৰ্ষ অৱস্থাত একাংশ পথচাৰীয়ে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘাতক ভূপেনক জিএমচিএইচত ভৰ্তি কৰোৱায়। 

ঘাতক ভূপেন দাসৰ হাতত লিখা সেই আত্মহত্যাৰ টোকাত আছিল পত্নীৰ ফোন নম্বৰ। লগতে পিন্ধি থকা হাতৰ সোণৰ আঙুঠি দুটা পত্নী আৰু মাতৃক ভগাই দিবলৈও অনুৰোধ কৰিছিল ভূপেন দাসে। বৰ্তমান হাস্পতালৰ আইচিউত ভৰ্তি হৈ আছে ঘাতক। চিকিত্সকৰ মতে তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। 

ন ন তথ্যৰ উন্মেষ

মহানগৰীৰ মাজমজিয়াত দিনৰ পোহৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত ৰাখিছে। একে সময়তে আৰক্ষীৰ তদন্ত আৰু অনুসন্ধানত পোহৰলৈ আহিছে এই ঘটনাৰ সৈতে জড়িত নতুন নতুন তথ্য। ঘাতক ভূপেন দাসৰ পত্নীয়ে এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰিছে মৌচুমী গগৈক। সুখৰ সংসাৰত প্ৰৱেশ কৰি মৌচুমীয়ে সংসাৰখন ভাগিবলৈ চেষ্টা কৰা বুলিও অভিযোগ কৰিছে ভূপেন দাসৰ পত্নীয়ে। বিপৰীতে ভূপেন দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মৌচুমীৰ ভাতৃয়েও। 

ভূপেন দাসৰ জন্মগাঁও সৰিয়হতলীৰ মালাকৰ চুবুৰীৰ স্থানীয় লোকৰ মতে, পূৰ্বৰে পৰাই চৰিত্ৰ বেয়া আছিল ভূপেনৰ। গাঁৱৰ মন্দিৰৰ টকা চুৰি কৰি গুৱাহাটীলৈ পলায়ন কৰি আহিছিল ভূপেনে। আনহাতে আন নাৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে পত্নীৰ সৈতে প্ৰায়ে সংঘাত হৈছিল বুলিও মন্তব্য কৰিছে ভূপেন দাসক জনা একাংশ লোকে। তিনিমাহমান পূৰ্বে শেষবাৰ গাঁওৰ ঘৰলৈ গৈছিল তেওঁ।

ইফালে আন এক সূত্ৰ অনুসৰি, বিগত কেইবামাহো ধৰি পত্নী-সন্তানৰ বাবে ফুটাকড়ি এটাও খৰছ কৰা নাছিল ভূপেন দাসে। ইয়াৰ বিপৰীতে মৌচুমীৰ নামত তেওঁ নিতৌ খৰছ কৰিছিল হাজাৰ হাজাৰ টকা। পৰকীয়া প্ৰেমত মচগুল ভূপেন দাসৰ পাৰ্চৰ পৰাও উদ্ধাৰ হৈছে মৌচুমী গগৈৰ কেইবাখনো চিত্ৰ। বিগত কিছু সময়ৰ পৰা মৌচুমী আৰু ভূপেনৰ প্ৰেমৰ কথা জানিছিল পত্নীয়েও। ইয়াৰ পিছতে তেওঁলোকৰ সংসাৰত অধিক আউল লাগিবলৈ আৰম্ভ কৰিছিল।

বন্ধুবৰ্গক বিবাহিতা বুলি জানিবলৈ দিয়া নাছিল মৌচুমীয়েও

সূত্ৰ অনুসৰি, ভূপেন দাসৰ দৰেই মৌচুমীয়েও ঢাকি ৰাখিব বিচাৰিছিল নিজৰ পূৰ্বৰ বিবাহৰ কথা। স্বামী আৰু কনিষ্ঠ কন্যাৰ মৃত্যুৰ পিছত মৌচুমীয়ে বিচাৰিছিল এটা বাধাহীন স্বচ্ছন্দ জীৱন।  ২০২১ চনত গুৱাহাটীলৈ অহা মৌচুমীয়ে চহৰত কি কাম কৰিছিল সেই বিষয়েও অৱগত নাছিল পৰিয়ালৰ কোনো লোক। 

পৰিয়ালৰ সৈতে সম্পৰ্ক প্ৰায় এৰাই চলিছিল মৌচুমীয়ে। স্বামীৰ মৃত্যুৰ পিছত শহুৰ গৃহৰ সৈতে তেওঁ যোগাযোগ প্ৰায় বন্ধ কৰি দিছিল। আনকি কনিষ্ঠা কন্যা অসুস্থ হৈ পৰাৰ পিছতো খবৰ ল’বলৈ যোৱা নাছিল তেওঁ। গুৱাহাটীৰ জি এম চি এইচত ভৰ্তি কৰোৱাৰ সময়তো হাস্পতাললৈ যোৱা নাছিল মাতৃ মৌচুমী। ইয়াৰ বিপৰীতে কেৱল হোটেলতে লগ কৰি খা-খবৰ লৈছিল। এতিয়া ডাঙৰজনী ছোৱালী শহুৰেকৰ ঘৰতে থাকে।

অন্যহাতে গুৱাহাটীৰ নতুন বন্ধুবৰ্গৰ পৰা নিজৰ পূৰ্বৰ বিবাহৰ কথা লুকুৱাই ৰাখিছিল মৌচুমী গগৈয়ে। নিজকে অবিবাহিতা বুলি পৰিচয় দি তেওঁ ভাল পাইছিল। কিন্তু যেতিয়াই লগৰবোৰে তেওঁৰ বিয়াৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁৰ সংগ এৰিবলৈ ধৰে। এই সময়ত মৌচুমীৰ সংগী হৈ পৰিছিল একমাত্ৰ ভূপেন দাস।

টিংখাঙৰ মৌচুমীৰ জন্মগাঁও ৩নং নলনী কপহুৱা গাঁৱৰ স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে, যোৱাটো জানুৱাৰীতে শেষবাৰৰ বাবে ঘৰলৈ গৈ কেইদিনমানৰ বাবে আছিল মৌচুমীয়ে। তাৰ পিছত যোৱা এটা বছৰে তেওঁৰ সৈতে কোনো যোগাযোগ নাছিল পৰিয়ালৰ।

এনেবোৰ কাৰণতে বৃহস্পতিবাৰে মৃত্যুৰ পিছত মৌচুমীৰ মৃতদেহ ঘৰলৈ নিবলৈ অস্বীকাৰ কৰে পিতৃ আৰু দুই ভাতৃয়ে। মহানগৰ আৰক্ষীয়ে মৌচুমীৰ মৃতদেহ টিংখাঙলৈ নিয়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছিল যদিও আৰক্ষীৰ প্ৰস্তাৱ অস্বীকাৰ কৰে দুই ভাতৃয়ে। যাৰ বাবে অৱশেষত নৱগ্ৰহ শ্মশানতে শেষকৃত্য সম্পন্ন কৰা হয় তেওঁৰ।

প্ৰেম, প্ৰত্যাখান আৰু হত্যা

প্ৰেমে মানুহক বুদ্ধ হ’বলৈ শিকায়, কিন্তু এই প্ৰেমেই বহুবাৰ সমাজত জন্ম দিয়ে বহু দানৱৰো। তেনে দানৱৰ বাবেই প্ৰেমৰ দৰে স্বৰ্গানুভূতিও কেতিয়াবা বিষাদৰ কাৰণ হৈ পৰে। সমগ্ৰ বিশ্বৰ বাবে প্ৰেম, প্ৰত্যাখান আৰু ইয়াৰ সৈতে জড়িত ঘটনা এক উদ্বেগৰ কাৰণ হৈ আহিছে। নাৰী নিৰ্যাতনৰ কথা নকলোৱেই যেনিবা। 

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্য অনুসৰি, ২০২২ চনত ভাৰতত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা আছিল ৪,৪৫,২৫৬, যিটো ২০২১ চনৰ তুলনাত ৪% বৃদ্ধি। ইয়াৰে প্ৰায় ৩১.৪% অপৰাধ স্বামী বা তেওঁৰ আত্মীয়ৰ দ্বাৰা কৰা নিৰ্যাতনৰ সৈতে জড়িত।  অৱশ্যে প্ৰেমসম্পৰ্কীয় অপৰাধৰ ঘটনাৰ কোনো নিৰ্দিষ্ট তথ্য উপলব্ধ নহয় যদিও  ২০২২ চনত ভাৰতত মুঠ ২৮,৫২২টা হত্যাকাণ্ড সংঘটিত হৈছিল। কিন্তু এই কথা অনস্বীকাৰ্য যে নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অধিকাংশ ঘটনাৰ অন্তৰালতে থাকে প্ৰেম, ভালপোৱা আৰু প্ৰতাৰণা কিম্বা লালসা।

অসমতো প্ৰেমজনিত ঘটনাই প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। বহুবাৰ বহু নৃশংস কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসমখনক। বৃহস্পতিবাৰে গুৱাহাটীৰ মাজমজিয়াত মৃত্যুৰ কোলাত ঢলি পৰাৰ দৰে বহু কিশোৰী-যুৱতীয়ে দানৱৰূপী প্ৰেমিকৰ হাতত হেৰুৱাই আহিছে প্ৰাণ।

২০২১ৰ আগষ্ট মাহত ধেমাজিত সংঘটিত হৈছিল প্ৰেমজনিত এনে এক নাৰকীয় হত্যাকাণ্ড। মৰিধল মহাবিদ্যালৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী নন্দিতা শইকীয়াই কলেজৰ পৰা উভতি অহাৰ পথতে হাতৰ দাৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দুদিন ধৰি হাস্পতালত চিকিত্সাধীন হৈ থাকি অৱশেষত মৃত্যুক সাৱটিছিল লখিমপুৰৰ ঢকুৱাখনাৰ নতুন কাঠবাৰী গাঁৱৰ যুৱতীগৰাকীয়ে। প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই সংঘটিত হৈছিল এই হত্যাকাণ্ড।  

সেই আগষ্ট মাহতে কামৰূপ জিলাৰ চাংসাৰি অঞ্চলতো সংঘটিত হৈছিল অনুৰূপ এক ঘটনা। এজন যুৱকে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছতে এগৰাকী মহিলাক দাৰে আক্ৰমণ কৰে। আক্রমণকাৰী যুৱক ইমৰাণ হুছেইনে প্ৰেমৰ প্ৰস্তাৱ দিছিল মহিলাগৰাকীক। কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰাৰ পিছতে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথত খাপ পিতি ৰৈ থকা যুৱকজনে চলাইছিল আক্ৰমণ। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘ সময় হাস্পতালত চিকিত্সাধীন হৈ থাকিবলগীয়া হয় মহিলাগৰাকী।  

২০২২ৰ আগষ্ট মাহত নগাঁও জিলাতো প্ৰেম প্ৰত্যাখানেই কাল হৈ পৰে এগৰাকী যুৱতীৰ বাবে। ২৪ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত ভণ্ড প্ৰেমিকে ডিঙি চেপি হত্যা কৰিছিল তেওঁক।  লখিমপুৰতো প্ৰেমৰ প্ৰস্তাৱত না কোৱাৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ সংঘটিত কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল।

শেহতীয়াকৈ আকৌ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীৰ সমপীৱৰ্তী গাড়ীগাঁৱত। এগৰাকী কিশোৰী ছাত্ৰী আৰু এজন স্কুল ভ্যানৰ চালকৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱাৰ পিছতে উত্তেজনা বিয়পি পৰে গাড়ীগাঁৱত। ২৪ ডিচেম্বৰৰ পুৱতি নিশাৰ পৰা সন্ধানহীন হৈ আছিল চেইণ্ট ক্লাৰেট স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী। চিচিটিভি ফুটেজত দেখা গৈছিল হীৰকজ্যোতি দাস নামৰ স্কুল ভ্যানৰ চালকজনৰ সৈতে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে পুৱতি নিশা সংগোপনে ওলাই যোৱা।  স্কুল ভ্যানৰ চালকজনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল ইতিমধ্যেই। কিন্তু ইয়াৰ মাজতে দুদিন পিছত গাড়ীগাঁৱৰ লুইতপাৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় হীৰকজ্যোতি আৰু কিশোৰীগৰাকীৰ মৃতদেহ।

জানিব পৰা মতে, দুই সন্তানৰ পিতৃ আছিল হীৰকজ্যোতি দাস। কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে, বিভিন্ন ছলাহী কথাৰে কিশোৰীগৰাকীক প্ৰেমৰ জালত বন্দী কৰিছিল বিবাহিত তথা এটি সন্তানৰ পিতৃ স্কুল ভ্যানৰ চালকজনে। প্ৰলোভনেৰে বিয়াৰ বাবেও জোৰ দিয়া হৈছিল ছাত্ৰীগৰাকীক। কিন্তু ২৪ ডিচেম্বৰৰ পুৱতি নিশা কি কাৰণে ছাত্ৰীগৰাকীয়ে হীৰকজ্যোতিৰ সৈতে ঘৰৰ পৰা সংগোপনে ওলাই গৈছিল সেয়া এতিয়াও ৰহস্য হৈ আছে। সমান্তৰালভাৱে ৰহস্যৰ আৱৰ্তত দুয়োৰে মৃতদেহ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱাৰ প্ৰসংগও। 

দুয়োৰে প্ৰেমৰ সম্পৰ্কক সমাজে মান্যতা নিদিয়াৰ ভয়ত আত্মহনন নে এই মৃত্যুৰ আঁৰত আছে আন কোনো ৰহস্য, তাক লৈও এতিয়া চৰ্চা চলিছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু সত্য এতিয়াও যেন বহু দূৰত!

প্ৰেম যেন এতিয়া এক মাৰাত্মক ব্যধি। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল- প্ৰেমত ফুলে শতদল। কিন্তু সেই পদুমপাহৰ ওচৰলৈ যে এক বোকাময় বাট। কোনে জানে, প্ৰেমৰ শতদল ছিঙিবলৈ যাওতে পংকিল বাটে কোন প্ৰেমিকৰ মন-মগজু কেতিয়া লেতেৰা কৰে?