শদিয়াঃ অকস্মাতে হেৰাই গ’ল ৰাজীৱ শদিয়া নামৰ জাতি, মাটিক ভালপোৱা এক বিপ্লৱী শিল্পী সত্তা৷ মাঘৰ উৰুকাক উৰুঙা কৰি অচিন দেশলৈ গুচি গ’ল জনগণৰ বাবে গীত গাই যোৱা শিল্পীগৰাকী৷ জীৱিতকালত জাতিৰ বাবে কৰা কামৰ অৱদান পালে মৃত্যুৰ দিনটোত৷ জনতাই মাঘবিহু পালন নকৰি ৰাজীৱ শদিয়াৰ অন্তিম যাত্ৰাত ভাগ ল’বলৈ পুৱাই ঘৰৰ পৰা ওলাই আহিল৷ গায়ন-বায়নেৰে এক বৃহৎ সমদল কৰি হাজাৰ হাজৰ জনগণে চলচলীয়া চকুৰে চিৰবিদায় জনালে মৰমৰ শিল্পীগৰাকীক৷ ছ’চিয়েল মিডিয়াতো শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসমৰ নেটিজেনে শিল্পীগৰাকীক হৃদয়ৰ নিভৃত কোণৰ পৰা জনালে শেষ শ্ৰদ্ধা। 

বিদায় কালত সকলোৰে অন্তৰত শোকৰ ঢৌ তোলা এইগৰাকী আপোচহীন শিল্পীয়ে জীৱিতকালত পেটত গামোচা বান্ধি স্বদেশ-স্বজাতিৰ হকে গাই গৈছিল ইটোৰ পিছত সিটো গীত। নিজাকৈ এখন গাড়ী, এটা ভাল পকীঘৰ তথা আৰ্থিক স্বচ্ছতা নথকা স্বত্বেও অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ভ্ৰমি গাই গৈছিল বিপ্লৱী গীত৷ প্ৰয়াস কৰিছিল শুই থাকি ভালপোৱা জাতিটোক গীতেৰে জগাই তুলিবলৈ৷ এনেদৰে গীত গাই থকা অৱস্থাতে ১২ জানুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ফিল'বাৰীত অনুষ্ঠিত ৰসবাৰী পৰ্যটন মেলাত হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰে শিল্পীগৰাকী। 

গীত গাই গাই মঞ্চতে ঢলি পৰা শিল্পীগৰাকীক ততাতৈয়াকৈ ডুমডুমাৰ সমীপৰ ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰা হয়। অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউৰ পৰা সুস্থ হৈ গীত গাবলৈ আৰু ঘূৰি অহা নহ’ল শিল্পীগৰাকীৰ। চিকিৎসাধীন অৱস্থাতেই উৰুকাৰ দিনা অৰ্থাৎ ১৩ জানুৱাৰীৰ দুপৰীয়াৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কন্ঠশিল্পী ৰাজীৱ শদিয়াই। 

ভোগালীৰ বিহুৰ আনন্দ-উল্লাসৰ মাজতেই আকস্মিক মৃত্যুক আঁকোৱালি লোৱা জনতাৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এখন পুষ্পসজ্জিত গাড়ীত প্ৰথমে তিনিচুকীয়ালৈ অনা হয় য'ত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি তথা গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তিনিচুকীয়ালৈ অনাৰ পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয়ত গুণমুগ্ধ তথা বিভিন্নজনে গণশিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি যাচে। 

তিনিচুকীয়াৰ পৰা শদিয়া অভিমুখী যাত্ৰাত মাকুম, ডুমডুমা, তালাপ, ধলা (ছৈখোৱা) আদিতো জাতি-মাটিৰ গান গোৱা বিপ্লৱী শিল্পী ৰাজীৱ শদিয়াৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অশেষ গুণমুগ্ধ তথা দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে। মাজনিশা পৰ্যন্ত শদিয়াৰ সদৰ চপাখোৱাৰ ৰাজহুৱা খেলপথাৰস্থিত মুকলি মঞ্চত মৰমৰ শিল্পীগৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শিল্পীগৰাকীৰ জন্মস্থান টুপচিঙা গাঁৱলৈ নশ্বৰ দেহ লৈ যোৱা হয়। ১৪ জানুৱাৰী অৰ্থাৎ মাঘ বিহুৰ দিনা কাহিলী পুৱাৰে পৰাই মৰমৰ শিল্পী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধৰ সোঁত বয় টুপচিঙা গাঁৱলৈ। 

টুপচিঙা গাঁৱত দুপৰীয়া শিল্পীগৰাকীৰ অন্তেষ্টিক্ৰিয়াৰ সমান্তৰালকৈ অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা শোক সভা। এই শোক সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, দীপংকৰ সোণোৱাল, ৰাইজৰ দলৰ উপ-সভাপতি যুধিষ্ঠিৰ গগৈ, পথাৰ শিল্পী লোহিত গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতা, বিষয়ববীয়া-কৰ্মী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উমানন্দ মুদৈ মৰাণ, ৰাহুল চেত্ৰী, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা জ্ঞানশ্ৰী বৰাৰ উপৰিও জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ্যে কৰি ভালেকেইটা ছাত্ৰ সংগঠনৰ বিষয়ববীয়া-প্ৰতিনিধিৰ লগতে শদিয়াৰ বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজ আৰু বিভিন্ন প্ৰান্তৰ পৰা যোৱা লোক উপস্থিত থাকে। সভাত লুৰীণজ্যোতি গগৈ, জ্ঞানশ্ৰী বৰা, পথাৰ শিল্পী লোহিত গগৈৰ উপৰিও ভালেকেইগৰাকীয়ে গণশিল্পী ৰাজীৱ শদিয়াৰ কৰ্মৰাজি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। 

উল্লেখ্য যে, ১৯৮৪ চনৰ ৩১ ডিচেম্বৰত শদিয়াৰ টুপচিঙা গাঁৱত জন্মগ্ৰহণ কৰা ধাদু গগৈ ওৰফে ৰাজীৱ শদিয়াই ছাত্ৰ অৱস্থাৰে পৰাই দিহা নাম, টোকাৰী গীত, বিহু নাম আদিত পাকৈত আছিল। নিজৰ সাংগীতিক জীৱনত জাতি-মাটিৰ গানেৰে অসমীয়াৰ চেতনাক উদ্বুদ্ধ কৰা বিশেষকৈ 'কা’ আন্দোলনৰ সময়ত জাতি-মাটিৰ গান গাই অসমৰ খিলঞ্জীয়া ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। তেওঁ আছিল এগৰাকী অত্যন্ত সামাজিকভাৱে দায়ৱদ্ধ শিল্পী। 

যিসময়ত অসমৰ একাংশ গায়ক-গায়িকাই কেইটামান টকাৰ বাবে তথা সহজ জনপ্ৰিয়তা লাভৰ বাবে ভাষা-সংস্কৃতিৰ বুঢ়া আঙুলি দেখুৱাই তৰল গীত গাবলৈ উঠি-পৰি লাগি আহিছে সেইসময়ত ৰাজীৱ শদিয়াই নিজৰ গীতেৰে জাতিক জগাই তুলিবলৈ নীৰৱে প্ৰয়াস চলাই গৈছিল। অসমৰ সমাজ  আৰু ৰাজনৈতিক জীৱনৰ পৰিস্থিতিক লৈ সদায়েই সৰৱ ভূমিকা পালন কৰা গণশিল্পী ৰাজীৱ শদিয়াই গীতৰ মাজেৰে তাকেই প্ৰকাশ কৰিছিল। মঞ্চই মঞ্চই কেৱল জাতি-মাটিৰ গানেৰে ৰাইজক আলোড়িত কৰাৰ চেষ্টা কৰিছিল তেওঁ। জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ বিদ্ৰোহী শিল্পী ৰাজীৱ শদিয়াই উৰুখা পজাতেই সংগীত চৰ্চা কৰি আহিছিল। 

জনপ্ৰিয় কন্ঠশিল্পী ৰাজীৱ শদিয়াই সংগীতৰ যাত্ৰাত যথেষ্ট আৰ্থিক অনাটনৰো সন্মুখীন হৈছিল যদিও কাহানিও কাৰো সৈতে আপোচ কৰিবলৈ শিকা নাছিল। বিগত বৰ্ষৰ ৩ ছেপ্টেম্বৰত শিল্পীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ আৰ্থিক অৱস্থাৰ কিছু আভাস দিছিল যদিও পোষ্টটোত গীত গাবলৈ আমন্ত্ৰণ জনোৱা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰো মাননি আদি দিয়াত কৃপণালি কৰাৰ কথাহে লিখিছিল যদিও ক’তো কাৰো ওচৰত সহায় ভিক্ষা বিচৰা নাছিল। 

দল-সংগঠন, ব্যক্তিৰ সহায়ৰ আশ্বাস

চৰম আৰ্থিক দুৰৱস্থা সত্বেও কাহানিও আপোচ কৰিবলৈ নিশিকা বিপ্লৱী সত্বাৰ অধিকাৰী শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ পত্নী আৰু কণমানি পুত্ৰৰ ভৱিষ্যত কি হ’ব তাকে লৈ অসমৰ জাতীয়তাবাদী মানুহখিনি চিন্তিত হৈ পৰা দেখা গৈছে৷ ইয়াৰ মাজতে অসমৰ একাংশ লোক আৰু দল-সংগঠনে পৰিয়ালটোৰ আৰ্থিক অৱস্থাক লৈ চিন্তা কৰি সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে৷ ১৫ জানুৱাৰীৰ পুৱাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হয়৷ কণ্ঠশিল্পী মানস ৰবীন, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই, অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি৷ 

অখিল গগৈয়ে পৰিয়ালটোক কাজিৰঙা অৰ্কিড উদ্যানৰ পৰা ১ লাখ টকা আৰু নিজৰ দৰমহাৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে৷ সমাধিক্ষেত্ৰ সুন্দৰকৈ নিৰ্মাণৰ কথাও ঘোষণা কৰে গগৈয়ে৷ পৰিয়ালে অনুমতি দিলে ৰাজীৱৰ পুত্ৰৰ সমস্ত দায়িত্ব ল’ব খোজে অখিল গগৈয়ে। লগতে ৰাজহুৱা আদ্যশ্ৰাদ্ধত সম্পূৰ্ণ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। গণশিল্পীগৰাকীৰ পত্নীক এটা চৰকাৰী চাকৰিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাব বুলি উল্লেখ কৰি গগৈয়ে কয় যে ৰাজীৱ মোৰ কমৰেড আছিল, তাৰ স্মৃতি মই ৰক্ষা কৰিম৷ 

বিশিষ্ট কণ্ঠশিল্পী মানস ৰবীনে প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ৰাজীৱ শদিয়া এজন জাতীয় চেতনা সম্পন্ন শিল্পী আছিল আৰু ৰাজীৱে মানুহৰ বুকুৰ মাজত ঘৰ সাজিছিল বুলি কয় মানস ৰবীনে৷ সেই কথা তেওঁৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গ’ল বুলি কয় মানস ৰবীনে। 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ-পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইৰ নেতৃত্বত এটা সঁজাতী দলে জাতি-মাটিৰ শিল্পী ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হৈ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইৰ নেতৃত্বত যোৱা যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে ৰাজীৱ শদিয়াৰ আৱক্ষ মূৰ্তি কাৰ্বি আংলং জিলাৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত স্থাপনৰ ঘোষণা কৰিছে৷ সঁজাতী দলটোৱে শোকসন্তপ্ত পৰিয়ালবৰ্গক সৈতে মত-বিনিময় কৰি সমবেদনা জ্ঞাপন কৰে আৰু ৰাজীৱ শদিয়াৰ সৃষ্টিৰাজিক সংৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ উপৰিও পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে। 

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ৰাজীৱৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মিলন বুঢ়াগোহাঁইয়ে ৰাজীৱ শদিয়াৰ সহধৰ্মিণীক এটি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাব বুলি উল্লেখ কৰি ৰাজীৱ শদিয়া কেৱল এজন গায়কেই নহয়, সমাজৰ এজন সু-সংগঠকো আছিল বুলি কয়৷ আনহাতে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক মনোজ গোস্বামীয়ে শিল্পীগৰাকীৰ সন্তানটিৰ পঢ়া-শুনাৰ খৰছ বহন কৰিব বুলি ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰিছে। এনবি নিউজ নামৰ ছেটেলাইট চেনেলটোৰ স্বত্বাধিকাৰী নৃপেন দাসেও শিল্পীগৰাকীৰ পৰিয়ালটোলৈ স্থানীয় প্ৰতিনিধিৰ জৰিয়তে ১ লাখ টকাৰ চেক প্ৰদান কৰিছে বুলিও জানিব পৰা গৈছে।

তিনিদিনৰ মূৰত তিনিটা শব্দৰে জুবিনৰ শ্ৰদ্ধাঞ্জলি 

জাটি, মাটিৰ হকে বিল্পৱী গীত গোৱা ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ খবৰ পোৱা মাত্ৰকে বিভিন্ন মাধ্যমযোগে শোক প্ৰকাশ কৰি শিল্পীগৰাকীৰ কৰ্মৰাজিক স্মৰণ কৰিছে বিভিন্নজনে৷ ৰাজ্যৰ দল-সংগঠন আৰু একাংশ শিল্পীয়ে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ অৱশ্যে একাংশ গ্লেমাৰ থকা শিল্পী আৰু একাংশ ৰজাঘৰীয়া শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ৰহস্যজনকভাৱে নিশ্চুপ হৈ থকাক লৈ সচেতন নেটিজেনৰ মাজত প্ৰশ্নৰ উদয় হোৱা দেখা যায়৷ 

বিশেষকৈ যিকোনো কথাতে সততে মাত মাতি অহা তথা নিজকে ছ’চিয়েলিষ্ট শিল্পী আখ্যা দিয়া জুবিন গাৰ্গে ৰাজীৱ শদিয়াৰ দৰে এগৰাকী বিপ্লৱী শিল্পীৰ মৃত্যুত তাৎক্ষণিক কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত ৰাজ্যৰ নেটিজেনসকলৰ লগতে তেওঁৰ একাংশ অনুৰাগীও আচৰিত হৈ পৰে। তাৎক্ষণিক প্ৰতিক্ৰিয়া বাদেই, বিগত তিনিটা দিনে সংবাদমাধ্যমত তথা সামাজিক মাধ্যমযোগে এই লৈ টু শব্দ এটাও কোৱা নাছিল হকে-বিহকে সৰৱ হৈ ভালপোৱা জুবিন গাৰ্গে৷ বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত ভিন্নজনে জুবিন গাৰ্গক প্ৰশ্ন কৰাৰ লগতে সমালোচনাৰেও থকা-সৰকা কৰে। 

এইবোৰৰ মাজতে তিনিদিন পিছত বুধবাৰে জুবিন গাৰ্গে অতি চুটিকৈ মাথো তিনিটা শব্দ লিখি শিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জুবিন গাৰ্গে তেওঁৰ অফিচিয়েল ফেচবুক পেজত ‘Rest in peace Brother’ বুলি লিখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জুবিন গাৰ্গে তিনিটা দিনৰ মূৰকত এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাত একাংশ নেটিজেনে শিল্পীগৰাকীক ওভতি ধৰা পৰিলক্ষিত হৈছে৷ জুবিন গাৰ্গে তিনিদিনৰ মূৰত সাৰ পালে নেকি বুলিও প্ৰশ্ন কৰিছে ভিন্নজনে৷ বিভিন্নজনে জুবিন গাৰ্গে অসমৰ এগৰাকী জাতি, মাটিৰ হকে গীত গোৱা শিল্পীৰ মৃত্যুত নিশ্চুপ হৈ থকা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে৷ 

জয়ন্ত শইকীয়া নামৰ এগৰাকী লোকে কয়, ‘‘দেৰি হ'ল, ইতিমধ্যে সকলোৱে বুজি উঠিছে।’’ ত্ৰিদেৱ গগৈয়ে লিখিছে, ‘‘ছচিয়েলিষ্ট মনৰ মানুহে বৰ দেৰিকৈ সাৰ পালে।’’ ৰাম স্বামী গৌতমানন্দই কয়, ‘‘নিচা ফাটিল নে কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পালে নে মামাৰ পাৰ্মিছন লৈ আপডেটটো দিলে হে গুৰুজী?’’ ধনীৰাম চেতিয়া নামৰ এজনে ফেচবুকত লিখিছে, ‘‘যিমানেই যি অৱদান নহওঁক কিয় ৰাইজৰ উৰ্দ্ধত কোনো নহয় দাদা৷ ৰাইজে গলত তুলি ল’বও পাৰে, খেকেচি বহুৱাবও পাৰে। তাৰ উদাহৰণ নকলেও হ’ব চাগে। পলমকৈ হলেও সাৰ পোৱা বাবে ধন্যবাদ৷’’ গৌৰাংগ বৰাই কয়, ‘‘সোনকালে গম পালে দাদা, দুদিন চাগে বিহু বুলি নিচাত ডুবি শুই আছিল! নে সমবেদনা জনাবলৈ কাৰোবাৰ অনুমতি পোৱা নাছিল৷’’