ৰঙিয়া: অতিমাত্ৰা গৰমৰ বাবে জ্বলা-কলা খাইছে ৰাজ্যবাসীয়ে। চহৰলৈ আহিলে জিৰণি লোৱাৰ বাবে নাই অকণো ঠাই। চহৰখনৰ মাজমজিয়াত কমিছে গছ গছনি।
বৰ্তমান সময়ত এনে এটা পৰিৱেশে দেখা দিছে ৰঙিয়া চহৰত। তেনে সময়তে ৰঙিয়া বন সংমণ্ডলে এক শলাগ ল'বলগীয়া প্ৰচেষ্টা গ্ৰহণ কৰি বুৰঞ্জী প্ৰসিদ্ধ চহৰখনত কৃষ্ণচূড়া গছৰ পুলি ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈছে।
ৰঙিয়া খণ্ড বন বিষয়া ফটিক চন্দ্ৰ বৰ্মনৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে চহৰখনৰ প্ৰতিটো পথতে কৃষ্ণচূড়া গছৰ পুলি ৰোপণ কৰা দেখা গৈছে। বন বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে সকলোৱে বিভিন্ন সময়ত গছ পুলি ৰোপণ কৰে যদিওঁ ইয়াৰ প্ৰতিপালনৰ অভাৱত মৰি যায়।
তেনে বিষয়টো লক্ষ্য ৰাখি যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত কৃষ্ণচূড়াৰ পুলিসমূহ ৰোপণ কৰা হৈছে সেইসমূহ ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকীক ইয়াৰ প্ৰতিপালন কৰাৰ বাবে অনুৰোধ কৰা হৈছে। এনে অনুৰোধক ব্যৱসায়ীসকলে সহাৰি আগবঢ়াইছে বুলিও বিষয়াগৰাকীয়ে অৱগত কৰে ।
সমগ্ৰ ৰঙিয়া চহৰখনত যদিহে আৰু কেইবছৰ মানৰ ভিতৰত কৃষ্ণচূড়াৰ গছ সমূহ ডাঙৰ হৈ উঠে তেন্তে এক মনোমোহা পৰিৱেশ বিৰাজ কৰিব কৃষক বিদ্ৰোহৰ লগত জড়িত বুৰঞ্জী প্ৰসিদ্ধ ৰঙিয়া চহৰখনত।