ৰঙিয়াঃ কোটি কোটি টকা খৰছ কৰি বহিঃ ৰাজ্যৰ পূজাৰীৰে নহয়, এইবাৰ নদীৰ বুকুত জকাইচুকৰ আই-মাতৃৰ প্ৰাৰ্থনা, ভগৱান তুমি আমাক বচোৱা৷
পুঠিমাৰী নৈৰ গৰাখহনীয়াৰ পৰা নিজৰ সপোনৰ ঘৰখন বচাবলৈ নেদেখাজনৰ প্ৰতি আই-মাতৃৰ কাতৰ আহ্বান, ভগৱান তুমি আমাক বচোৱা৷ আৱেগিক হৈ পৰা মাতৃসকলৰ দুখ অনুভৱ তথা শুনিবলৈ তেওঁলোকৰ ওচৰত ৰজাঘৰৰ কোনো নাই৷
ৰঙিয়াৰ লেচাকোনাত পুঠিমাৰী নৈৰ গৰাখহনীয়া ৰোধৰ বাবে শেষত ভগৱানকে প্ৰাৰ্থনা কৰে স্থানীয় মহিলাসকলে। গৰাখহনীয়া তথা মথাউৰি ঠিকে-ঠাকে ৰখাৰ বাবে লেচাকোনাৰ ৰাইজে নিজে শ্ৰম দান কৰি চেষ্টা অব্যাহত ৰাখিছে।
ফেনে ফুটুকাৰে বাঢ়ি অহা পুঠিমাৰী নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। যিকোনো মুহূৰ্ততে মথাউৰি ছিঙি কমলপুৰ, ৰঙিয়া, হাজো সমষ্টিৰ কেইবাখনো গাওঁ বানত বুৰ যোৱাৰ শংকাত দিন পাৰ কৰিছে ৰাইজে।
জলসম্পদ বিভাগে বিশেষ কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। আনহাতে আতংকত দিন পাৰ কৰা ৰাইজৰ খবৰ লবলৈ আহৰি নােপোৱা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে। বানপানীৰ পাছত চিৰা-চাউল বিতৰণ কৰিবলৈ অহাতকৈ মথাউৰি ছিগাৰ পূৰ্বে ব্যৱস্থা লোৱাৰ দাবী জনাইছে আতংকিত লেচাকোনাৰ ৰাইজে।