গোৱালপাৰাঃ গোৱালপাৰা চহৰত চিকিৎসা সেৱাৰ নামত একাংশ ফাৰ্মাচী, লেবৰেটৰীত দালাল আৰু চিকিৎসকৰ ছিণ্ডিকেট গঢ়ি উঠাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল। ৰোগীৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি ছিণ্ডিকেট,দালাল চক্ৰটোৱে দিন ডকাইতিৰ দৰে লাখ লাখ টকা লুণ্ঠন চলাই গৈছে যদিও প্ৰশাসনে ছিণ্ডিকেট চক্ৰসমূহক উৎখাত কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু চহৰ খনৰ একাংশ বিশেষজ্ঞ চিকিৎসকৰ ওচৰত উন্নত চিকিৎসা সেৱা লাভৰ আশাত বিভিন্ন প্ৰান্তৰ পৰা দৈনিক শ শ ৰোগী আহে। গোৱালপাৰাৰ বিভিন্ন গ্ৰামাঞ্চলৰ লগতে বঙাইগাঁও, বৰপেটা,ধুবুৰী, হাটশিঙিমাৰি, কামৰূপ (গ্রাম্য)তথা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও চহৰখনলৈ ৰোগী আহে। ইয়াৰে অধিকাংশ ৰোগীয়েই চহৰখনত সক্ৰিয় হৈ থকা ছিণ্ডিকেট চক্ৰৰ লুণ্ঠনৰ ফান্দত পৰে।
ৰোগীক লুণ্ঠনৰ বেহুত আবদ্ধ কৰাৰ বাবে দালালৰূপী একাংশ ৰিক্সাচালক, অটো-টেম্পো চালকে সর্বদাই পিয়াপি দি চহৰখনত ঘূৰি ফুৰে। ইয়াৰে অধিকাংশ দালালেই ৰোগীক চিকাৰ কৰাৰ বাবে ভালুকডুবিস্থিত অসামৰিক চিকিৎসালয়ৰ সন্মুখত থিয় দি থাকে। কোনো সহজ-সৰল, অচিনাকি, অসহায় ৰোগীক দেখা মাত্ৰকেই দলালে আগবাঢ়ি গৈ বিভিন্ন চলাহী কথাৰে বশ কৰি ৰিক্সা বা টেম্পোত উঠাই লয়।
দালালে পোনে পোনে ৰোগীক লৈ আহে নিৰ্দিষ্ট ফাৰ্মাচীত। ৰোগীক ফাৰ্মাচীত হস্তান্তৰ কৰাৰ লগে লগে দালালে তৎক্ষণাত উক্ত স্থানৰ পৰা গুচি যায়। ইয়াৰ পিছতেই ফাৰ্মাচীত ৰোগী চোৱাৰ বাবে অপেক্ষা কৰি থকা কচাইৰূপী চিকিৎসক সক্ৰিয় হৈ উঠে। ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ বাবদ, ভিজিটৰৰ নামত চিকিৎসকজনে নিৰ্দিষ্ট পৰিমাণৰ ধন ৰোগীৰ পৰা আদায় লয়।
পিছত যিকোনো বেমাৰৰ ৰোগীয়েই নহওক কিয়, চিকিৎসকগৰাকীয়ে পূৰ্ব পৰিকল্পিতভাৱে ৰোগীৰ তেজ, মল-মূত্ৰ আদি বিভিন্ন অদৰকাৰী পৰীক্ষাৰ নামত নিৰ্দিষ্ট লেবৰেটৰী লৈ প্ৰেৰণ কৰে। পৰীক্ষাৰ নামত ৰোগীৰ পৰা মোটা অংকৰ ধন আদায় কৰে।লেবৰেটৰীৰ ৰিপৰ্ট আনি ৰোগীয়ে সেই কচাইৰূপী চিকিৎসকক দেখুওৱাৰ লগে লগে নিদান পত্ৰত ঔষধৰ এক দীঘলীয়া তালিকা লিখি দিয়ে।ঔষধৰ তালিকাত থকা অধিকাংশ ঔষধেই অপ্ৰয়োজনীয় যদিও লুণ্ঠনৰ স্বাৰ্থত ৰোগীক ক্ৰয় কৰিবলৈ বাধ্য কৰায়।
ৰোগীয়ে সেই কচাই ৰূপী চিকিৎসক ভগৱান জ্ঞান কৰি নিৰ্দিষ্ট ফাৰ্মাচীৰ পৰা জেপৰ ধন খালী কৰি ঔষধ কিনিবলৈ বাধ্য হয়। এনেদৰে এজন ৰোগীৰ পৰা ৫-১০ হেজাৰ টকালৈকে ছিণ্ডিকেট চক্ৰই লুণ্ঠন চলায়। পিছত যে লুণ্ঠন চলোৱা ধনৰ ভাগ দালাল, চিকিৎসক, লেবৰেটৰী, ফাৰ্মাচীৰ মাজত ভাগ কৰা হয়। এক বিশ্বস্ত সূত্ৰে জানিব পৰা মতে চহৰখনৰ নামী দামী চিকিৎসক ডাঃ পি কে দাসৰ ঘৰৰ সন্মুখত একাংশ দালালে খাপ পাতি থাকি ডাঃ পি কে দাসক দেখুৱাবলৈ যোৱা ৰোগী সকলক নানান ধৰণৰ কথা কৈ ৰশ্মি বিবাহ ভৱনৰ সম্মুখত থকা এখন ফাৰ্মাচীলৈ লৈ যায় ৷
একে দৰে চহৰখনৰ টিলাপাৰ, নতুন বজাৰ, বি ও চি, দুৰ্গামন্দিৰ, উদয় নগৰকে আদি কৰি ভালুকডুবিতো একাংশ ফাৰ্মাচী, লেবৰেটৰীত দালালৰ হতুৱাই এক ছিণ্ডিকেট ৰাজৰ ৰমৰমীয়া চক্ৰই ৰোগীক লুণ্ঠন চলাই আহিছে বুলি ৰোগীৰ অভিভাৱকৰ অভিযোগত প্ৰকাশ। গোৱালপাৰা আৰক্ষী অধীক্ষক অমিতাভ সিনহা্ৰ পদক্ষেপৰ ফলত কিছুদিন পূৰ্বে ইয়াৰে এটা ছিণ্ডিকেট চক্ৰ উৎখাত হৈছিল যদিও বৰ্তমান পুনৰ অসংখ্য ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰিছে।
অতি পৰিতাপৰ বিষয় এয়ে যে বিভাগীয় কৰ্তৃপক্ষই চহৰখনত চলি থকা এই ভয়ংকৰ কাৰ্য বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত পৰিবৰ্তনকামী চৰকাৰৰ ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰোগীৰ জীৱনক লৈ হেতালি খেলা তথা চিকিৎসা সেৱাৰ নামত চলি থকা ভয়াৱহ লুণ্ঠনৰ ছিণ্ডিকেট চক্ৰ সমূহক উৎখাত কৰিবলৈ সক্ষম হ'বনে বুলি ভুক্তভোগীসকলে প্ৰশ্ন উত্থাপন কৰিছে। গোৱালপাৰা চহৰত চিকিৎসা সেৱাৰ নামত চলি থকা দালালৰাজ বন্ধ কৰিবলৈ নৱ নিযুক্ত উপায়ুক্ত ঘনশ্যাম দাস তথা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক ৰাইজে দাবী জনাইছে ৷