চাবুৱাঃ ডিব্ৰুগড় জিলাৰ ডিকমৰ মদাৰখাত চাহ বাগিছাত আজি শ্ৰমিকসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ শ্ৰমিকসকলে আজি বাগিছাৰ কামত ন’গৈ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত এঘন্টা ধৰ্না দি বাগিছাখনত উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷

বাগিছা কৰ্তৃপক্ষক শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, সময়মতে দৰমহা প্ৰদান কৰা আদি দাবী উত্থাপন কৰি আহিছিল যদিও বাগিছা কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত শ্ৰমিকসকলে ধৰ্না দিব লগা হয়৷

অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত মদাৰখাত শ্ৰমিক গোটৰ সহযোগত ৰূপায়ণ কৰা ধৰ্নাত বাগিছা খনৰ দুই সহস্ৰাধিক শ্ৰমিকে অংশ গ্ৰহণ কৰে। বাগিছা খনৰ শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কৰ্তৃপক্ষই অৱহেলা কৰি অহাত সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।

শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ২৭ জুনত বাগিছা বন্ধৰ কাৰ্যসূচী লোৱাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৰ নেতা নবীন কেওটে। প্ৰতিবাদৰ স্থলীত জিতেন কৰ্মকাৰৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত কেইবা গৰাকী শ্ৰমিক নেতাই ভাষণ প্ৰদান কৰি বাগিছা কৰ্তৃপক্ষক শ্ৰমিকৰ দাবী মানি লবলৈ দাবী জনায়৷