পাঞ্জাবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মধ্য গুৱাহাটী আঞ্চলিক সমিতিয়ে এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহানগৰীৰ দক্ষিণ শৰণীয়া দূৰ্গা পূজা প্ৰাংগনত আজি ৰাভা দিবস পালন কৰে।

পূৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ পাছতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে সংগঠটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সঞ্জীৱ কুমাৰ বৰাই। দূপৰীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু শিল্পী গৰাকী ৰচনা কৰা কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আবেলি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ লগতে ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়। ৪বজাত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি ৫বজাত বন্তি প্ৰজ্বলন কৰে মহানগৰ সহকাৰী আৰক্ষী আয়ুক্ত সুপ্ৰতিভ লাল বৰুৱাই। সন্ধিয়া ৬ বজাত বঁটা বিতৰণী আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে সংগঠটোৰ মহানগৰ সমিতিৰ সভাপতি হেমন্ত দাসে৷ বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি বিৰাজ তালুকদাৰ, কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমা, পদ্মশ্ৰী এলি আহমেদ, শিক্ষাবিদ ড‌০ দয়ানন্দ পাঠক আৰু আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু।

৭-৩০ বজাত শিল্পী গৰাকীৰ জীৱনীৰ হাত পুথি উন্মোচণ কৰে বিশিষ্ট সাহিত্যিক ভবানী প্ৰসাদ অধিকাৰীয়ে। নিশা বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়াত অসমৰ বহু ন-পুৰণি শিল্পীয়ে সংগীত পৰিবেশন কৰে।