কাকপথাৰঃ তিনিচুকীয়া চহৰৰ নিকটৰ বৰডুবিত ভাৰাতীয়া হিচাপে থকা বিশ্বজিত কাকতি নামৰ ১৭ বছৰীয়া ছাত্ৰজনে কিছুমান পেলনিয়া অলাগতিয়াল সামগ্ৰীৰে কাৰিকৰী সামগ্ৰী তথা নিত্য ব্যৱহৃত বিদ্যুৎ চালিত যন্ত্ৰ পাতি তৈয়াৰ কৰি সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

অঞ্চলটোৰ নবীন তালুদাৰৰ ঘৰত ভাৰাতীয়া হিচাপে থকা মৃদুল কাকতি আৰু গোলাপী কাকতিৰ জেষ্ঠ্য সন্তান বিশ্বজিতে ২০১৫ চনত মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত পাই উত্তীৰ্ণ হৈ কাৰিকৰী বিভাগত নামভৰ্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও আৰ্থিক আৰু অন্যান্য কাৰণত সেয়া সম্ভৱ হৈ নুঠিল ।

সেয়েহে বিশ্বজিতে ঘৰতে বহি বিগত  দুটা বছৰত  বিভিন্নধৰণৰ যন্ত্ৰ পাতি তৈয়াৰ কৰাত মনোনিবেশ কৰিছে। ছাত্ৰজনে কাঠফলা মেচিন,পাম্পিং মেচিন,ধান মিল,পিঠা মিল,কুহিয়াৰ পেৰা মিল,মটৰ পাম্প, অটো ৰিক্সা ,ফেৰী,উৰাজাহাজ আদিকে ধৰি বিভিন্ন যন্ত্ৰ পাাতি-সাামগ্ৰী তৈয়াৰ কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিছে।

আৰ্থিক সমস্যাৰ  বাবেই প্ৰতিভাৱান ছাত্ৰজনে গৱেষণা মূলক কাৰ্যত আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি হোৱা বুলি ছাত্ৰজনৰ অভিভাৱকে মন্তব্য কৰি চৰকাৰ তথা কোনো সদাশয় ব্যক্তি বিশেষক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ ভিতৰুৱা অঞ্চলৰ এই পৰিয়ালটোৱে ব্যৱসায়ৰ বাবে বিগত কিছুবছৰৰ পৰা বৰডুবিৰ ভাৰাঘৰত বসবাস কৰি আহিছে ।