কোকৰাঝাৰঃ ভূৱা শ্লোগানত পৰিণত হৈছে 'সব কা সাথ সব কা বিকাশ'। বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ পৰা মাথো এক কিলোমিটাৰ নিলগৰ কমলাছোৰা, দক্ষিণ বাগিছাগাঁও , মধ্য চেচাপানী গাঁৱৰ এশ এবুৰি সমস্যাই উদঙাই দিছে 'সব কা সাথ সব কা বিকাশ'ৰ ভুৱা শ্লোগান।
♦ উন্নয়ন নাই কোকৰাঝাৰত, গঞা ৰাইজৰ আলৈ-আথানি
ইয়াৰোপৰি বিটিএডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনে সম বিকাশ, সম উন্নয়নৰ ক্ষেত্ৰত যিমানে ঢাক ঢোল নবজাওক কিয় কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা বৃহত্তৰ কমলাচোৰা, দক্ষিণ বাগিছা গাওঁ আৰু মধ্যচেচাঁপানী গাওঁৰ এশ এবুৰি সমস্যাৰ প্ৰতিচ্ছবিয়ে উদঙাই দিছে বিটিচি উন্নয়নৰ প্ৰকৃত স্বৰূপ।
কোকৰাঝাৰ চহৰৰ বনৰগাঁও আৰু ফকিৰাগ্ৰাম পৰিষদীয় দুটাকৈ সমষ্টিয়ে সামৰি লোৱা উল্লেখিত গাওঁকেইখনৰ লোক সকলে আজিও বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত আহযাহ কৰিবলৈ হলে টুলুঙা নাও নাইবা বিপদসংকুলতাৰে ৰেলৰ দলঙৰে যাতায়ত কৰিবলগীয়া হয় ৷ ইতিমধ্যে ৰে'লৰ দলঙেৰে পাৰ হওতে ৰে'লৰ খুন্দাত কেবাগৰাকী গঞা নিহত হৈছে যদিও জীৱন-জীৱিকাৰ তাড়নাত যাতায়তৰ বাবে এতিয়াও টুলুঙা নাও নতুবা ৰে'লৰ দলঙেই ব্যবহাৰ কৰি আহিছে।
বাৰিষাৰ বতৰত খোৰস্ৰোতা গৌৰাং নৈ পাৰ হবলৈ কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী , চৰকাৰী কৰ্মচাৰী,শিক্ষক ,শ্ৰমিক,ব্যৱসায়ী সকল টুলুঙা নাওত উঠি যাত্ৰা কৰাটো বিপদজনক যদিও চৰকাৰে গৌৰাং নৈৰ ওপৰত দলং নিৰ্মানৰ ব্যৱস্থা নকৰাত উপায়হীনতাত পৰিছে গাঁওবাসী।
ইয়াৰোপৰি ৰাস্তা ঘাটৰ চিন মোকাম নথকা গাঁওবাসীৰ বাবে গৰাখহনীয়া আৰু বানপানী ভাবুকি স্বৰূপ হৈ পৰিছে। দীৰ্ঘদিনৰ পৰা গৌৰাং নৈৰ দুয়োকাষে মথাউৰি নিৰ্মান আৰু ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে গাঁওৱাসীয়ে দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য বা বিটিচি কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব দিয়া নাই৷
বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ পৰা এক কিল মিটাৰ নিলগৰ গৌৰাং নৈৰ দাতিঁকাষৰীয়া উক্ত গাওঁ কেউখন কিহৰ বাবে আজিও উন্নয়নৰ পৰা বঞ্চিত হৈ আছে সেয়া ৰাইজৰ বাবে এক নুবুজা সাঁথৰ যদিও সৱ কা সাথ সৱ কা বিকাশৰ শ্লোগান বাস্তৱ ৰূপ দিবলৈ পুণৰবাৰৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে।