25
Jun
2017
ডিজিটেল ডেস্কঃ সামগ্ৰী আৰু সেৱাকৰ পহিলা জুলাইৰপৰা কাৰ্যকৰ হোৱাৰ পিছতে নিয়োগৰ ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে বজাৰ বিশেষজ্ঞসকলে।
জিএছটি কাৰ্যকৰ হোৱাৰ পিছতে চলিত বৰ্ষত বিশেষকৈ কৰ নিৰ্ধাৰণ, হিচাবৰক্ষণ আৰু তথ্য বিশ্লেষণ আদি ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনা স্পষ্ট ইংগিত দিছে বিশেষজ্ঞই।
জিএছটিৰ ফলত সংগঠিত খণ্ডৰ বাৰ্ষিক বিকাশৰ হাৰ ১০ ৰপৰা ১৩ শতাংশ হোৱাৰ লগতে দেশৰ অৰ্থনীতিত নতুন মানৱ সম্পদৰ বাবে দুৱাৰ মুকলি হ’ব বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে।
জিএছটিৰ বলতে পণ্য আহৰণ আৰু বিতৰণ দ্ৰুততৰ হৈ পৰাৰ লগতে নগদ ধনৰ প্ৰৱাহ স্পষ্ট আৰু অনমেয় হৈ পৰিব। এনেদৰে আয়ৰ সম্ভাৱনাও বাঢ়িব বুলি ইণ্ডিয়ান ষ্টাফিং ফেডাৰেশ্যনৰ সভাপতি ৰিতুপৰ্ণ চক্ৰৱৰ্তীয়ে এনডিটিভিৰ সৈতে হোৱা কথা-বতৰাত মন্তব্য কৰে।