ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল কোচিৰ মেট্ৰো সেৱা। কেৰালাৰ প্ৰধান চহৰখনৰ এই অভিলাষী পৰিবহণ ব্যৱস্থাৰ ফলত উপকৃত হৈছে জনতা।

আনহাতে স্বাৱলম্বী হোৱাৰ সুযোগ দিবলৈ মেট্ৰো সেৱাৰ কৰ্মচাৰী হিচাপে চৰকাৰে নিয়োগ কৰিছিল ২১ জন কিন্নৰক। তৃতীয় লিংগৰ এইসকল কৰ্মচাৰীৰ দৰমহা হ'ল ৯ৰ পৰা ১৫ হাজাৰ টকা।

পিছে উপাৰ্জনৰ সুযোগ পায়ো এসপ্তাহতে চাকৰি এৰিছে ৯জন কিন্নৰে। তেওঁলোকে উপাৰ্জনৰ আশা ত্যাগ কৰিবলগীয়া হৈছে বাসস্থানৰ অভাৱৰ বাবে।

কোচিৰ স্থায়ী বাসিন্দাই কোনো কাৰণতে কিন্নৰক ঘৰ ভাৰালৈ নিদিয়ে। যাৰ বাবে থাকিবলৈ ঠাই নাই এইসকল কৰ্মচাৰীৰ।