
ডিজিটেল ডেস্কঃ কেলিফৰ্ণিয়াৰ নৰ্থ ৰীজ উপত্যাকাত বিদ্যুত কেন্দ্ৰ এটাত শনিবাৰে ট্ৰান্সফৰ্মাৰ বিস্ফোৰিত হোৱাৰ ফলত ১ লাখ ৪০ হাজাৰৰো অধিক গ্ৰাহকৰ বিদ্যুতসেৱা ব্যাহত হোৱাৰ উপৰিও সমগ্ৰ উপত্যকাটোত ব্যৱসায়, ট্ৰাফিক স্তব্ধ হৈ পৰে।
নৰ্থৰীজস্থিত পানীযোগান আৰু শক্তি বিভাগৰ প্ৰকল্প এটাত শনিবাৰে আৱেলি ৬ বাজি ৫৩ মিনিটত প্ৰথমে বিস্ফোৰণ আৰু তাৰ পিছতে সংঘটিত অগ্নিকাণ্ডৰ ফলত ১১ টা মণ্ডলৰ এটা বৃহৎ এলেকা স্তব্ধ হৈ পৰে।
এতিয়ালৈ ৫০ হাজাৰ গ্ৰাহকৰ বিদ্যুতসেৱা আৰম্ভ কৰা হৈছে যদিও ৯০ হাজাৰৰো অধিক লোক সম্প্ৰতি অন্ধকাৰত ডুব গৈ আছে।
দুঘণ্টা জোৰা অভিযানৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰা হয়। লিফটত আবদ্ধ হৈ থকা বহুলোকক উদ্ধাৰ কৰে বাহিনীয়ে।
ইফালে বিদ্যুত কৰ্তন কৰাৰ ফলত অঞ্চলটোত পাৰা অস্বাভাৱিক ধৰণে উৰ্ধগামী হয়। উপত্যাকাটোত নিশা উষ্ণতা ৯ মান বজালৈ ৪০ ডিগ্ৰী চেলছিয়াচ চোৱে।