![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Rahul-Gandhi-2.jpeg?itok=OBs_rPW3)
মধ্যপ্ৰদেশঃ গীনিজ বুকত নাম সন্নিবিষ্ট হ’ব ৰাহুল গান্ধীৰ। নেতাজনলৈ এই অদ্ভুত প্ৰস্তাৱ এগৰাকী ছাত্ৰৰ৷ সভাই-সমিতিয়ে হওক বা চ’ছিয়েল মিডিয়াতেই হওক-নিজৰ উদ্ভত মন্তব্যৰে হাঁহিয়াতিৰ পাত্ৰ হৈ অহা ৰাহুল গান্ধীৰ নাম এইবাৰ চৰ্চালৈ আহিব পাৰে বিশ্ব অভিলেখৰ বাবে।
এইবাৰৰ নিৰ্বাচনত দলটোৱে মুখথেকেচা খোৱাৰ পিছতেই ৰাহুলক পৰাজয়ৰে গীনিজ বুকত নাম সন্নিবিষ্ট কৰিবলৈ আহ্বান জনাইছে মধ্য প্ৰদেশৰ হোছাংগাবাদৰ অভিযান্ত্ৰিক ছাত্ৰ বিশাল দেৱানে৷ ২৭ বছৰীয়া ছাত্ৰজনে ইতিমধ্যে গীনিজ বুক কৰ্তৃপক্ষক এই সন্দৰ্ভত আবেদনো কৰিছে৷
বিগত ৫ বছৰত ২৭ বাৰকৈ কংগ্ৰেছ দলটোৱে পৰাজয় বৰণ কৰিছে৷ দলটোৰ এই পৰাজয়ৰ বাবে বিভিন্নজনে জগৰীয়া কৰিছে ৰাহুলক৷ তদুপৰি এইবাৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভেঁটি বুলি খ্যাত উত্তৰ প্ৰদেশৰ আমেথী আৰু ৰায়বৰেলীতো পৰাজয় বৰণ কৰিছে দলটোৱে৷
ৰাহুলৰ অপৰিপক্কতা এই লানি নিচিগা পৰাজয়ৰ কাৰণ বুলি ভাবি লৈয়ে এই প্ৰস্তাৱ গীনিজ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে দেৱানে। এনেদৰে চৰ্চালৈ আহিছে ৰাহুলৰ লগতে দেৱানৰ নামো।