internet
internet

ডিজিটেল ডেস্কঃ শিক্ষাৰ বাবে বয়সৰ কোনো সীমা নাই৷ তাৰেই এক প্ৰমাণ কৰি দেখুৱালে এগৰাকী ব্যক্তিয়ে৷ ৯৮ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এইগৰাকী ব্যক্তি হৈছে বিহাৰৰ ৰাজ কুমাৰ বৈশ্য৷

১৯৩৮ চনতে স্নাতক ডিগ্ৰী লাভ কৰা ৰাজ কুমাৰ বৈশ্যই শেহতীয়া ভাৱে নালন্দা মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়৷

মঙলবাৰে ঘোষণা কৰা ফলাফল অনুসৰি বৈশ্যই দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিশ্বৰ সকলোতকৈ বয়সীয়াল স্নাতকোত্তৰ হোৱাৰো সন্মান লাভ কৰে৷ সাংবাদিকৰ সতে হোৱা বাৰ্তালাপত ৯৮ বছৰীয়া বৈশ্যই কয়- ‘‘মোৰ সপোন আছিল স্নাতকোত্তৰ হোৱাৰ৷ সেয়া সফল কৰিব পাৰি মই যথেষ্ট সুখী অনুভৱ কৰিছো৷’’

বৈশ্যই শিক্ষা, একাগ্ৰতা, আগ্ৰহ সম্পৰ্কে যুৱ প্ৰজন্মক উদ্দেশ্যি কয়- ‘‘মনত আগ্ৰহ থকিলে সকলোৱে সকলো কাম সম্ভৱ কৰি তুলিব পাৰে৷ আমাক লাগে কেৱল সৎ সাহস আৰু আমি কৰিব খোজা কামটোৰ প্ৰতি থাকিব লাগে শ্ৰদ্ধা৷’’

উত্তৰ প্ৰদেশৰ বৰেলী জিলাত জন্মগ্ৰহণ কৰা ৰাজ কুমাৰ বৈশ্যই আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ১৯৩৮ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৪০ চনত আইনৰ শিক্ষা সাং কৰিছিল৷ তাৰ পাছত পৰিয়ালৰ দায়িত্ব মূৰ পাতি তেওঁ আইনজীৱী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷

সংসাৰ আৰু পৰিয়ালৰ ধামখুমীয়াত বৈশ্যই নিজৰ শৈক্ষিক জীৱন অনিচ্ছা সত্বেও আদাতে সামৰিব লগীয়াত পৰে৷ তেওঁ প্ৰথম অৱস্থাত পত্নীৰ সতে গৃহ জিলা বৰেলীতে বাস কৰিছিল যদিও পাছত পাটনাত নিগাজিকৈ থাকিবলৈ গুছি আহে৷