নাওকাটাঃ গোহালি সদৃশ এটা ঘৰ। তাতেই যোৱা ১০ বছৰ ধৰি ৰুগীয়া পত্নী-পুত্ৰক লৈ বাস কৰি আহিছে লোকজনে। দুৰ্ভগীয়া এই লোকজন হৈছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব নাওকাটা গাঁৱৰ কৰ্ম কলিতা।
দীৰ্ঘ দিন ধৰি তেওঁৰো হাত এখন ভঙা৷ পত্নী চম্পা কলিতা মানসিক বিকাৰগ্ৰস্ত৷ একমাত্ৰ পুত্ৰ উদ্ধৱৰ চিন্তাতে ভাত-পানী নাখাই ঘৰটোৰ ভিতৰতে সোমাই থাকে৷
উল্লেখ্য, প্ৰায় ১১ বছৰ বয়সত এদিনা সন্ধিয়া ঘৰৰ ওচৰৰ এটা গাঁতত পৰি উদ্ধৱে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়৷ দীৰ্ঘদিন বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰিও যুৱকজনে আৰোগ্য লাভ নকৰিলে৷ বিপৰীতে সমস্ত শৰীৰ পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱাত বৰ্তমান বিছনাখনেই সাৰথি৷
ইফালে সন্তানৰ এনে অৱস্থা দেখি ২০১৪ চনৰ পৰাই মানসিকভাৱে ভাগি পৰা মাক চম্পাই পুত্ৰৰ লগতে ঘৰটোৰ ভিতৰতে সোমাই থাকে৷ অানকি অনাময়ো নিজে কৰিবলৈ অপাৰগ৷ সম্প্ৰতি কৰ্ম কলিতাই নাওকাটা চাৰিআলিত আনৰ চাহ দোকানত কাম কৰি স্ত্ৰী-পুত্ৰক জীয়াই ৰখাৰ সপোন দেখিছে৷
তেওঁ পুৱাই সকলো ব্যৱস্থা কৰি দিনটোৰ বাবে ওলাই যায়৷ এক কদৰ্যময় পৰিবেশত মানসিকভাৱে বিকাৰগ্ৰস্ত মাকগৰাকীয়ে মন গ’লে কিবা এটা ৰান্ধি কেতিয়াবা পুত্ৰক দিয়ে আৰু নিজেও খায়, ইচ্ছা নহ’লে শুই থাকে৷ এনেকৈয়ে চলিছে তেওলোকৰ প্ৰাত্যহিক জীৱন৷
দুটা জীয়া মৃতদেহৰ লগত জীৱন সংগ্ৰামত ব্ৰতী হোৱা দৰিদ্ৰ কৰ্ম কলিতাই সকলো উন্নয়নমূলক আঁচনিৰ পৰাই বঞ্চিত৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সূলভ মূল্যৰ চাউল, দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে আবণ্টিত চৰকাৰী বাসগৃহ, অনাময়, খোৱাপানীৰ বাবে দমকলকে আদি কৰি কোনোধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে।
সম্প্ৰতি স্ত্ৰী-পুত্ৰৰ চিন্তা আৰু দুবেলা দুসাঁজ যোগাৰ কৰাৰ দুৰ্বিসহ দুখ-বেদনাত একমাত্ৰ উপাৰ্জনক্ষম কৰ্ম কলিতায়ো মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে৷ লোকচক্ষুৰ সন্মুখতে তিলতিলকৈ মৃত্যুমুখলৈ গতি কৰা দৰিদ্ৰ পৰিয়ালটোক সাহায্যৰ বাবে কোনো হৃদয়ৱান ব্যক্তি অথবা কোনো সামাজিক অনুষ্ঠান আগবাঢ়ি আহিবনে?