![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Bihu_Dance_of_Assam.jpg?itok=3XvYb2kX)
নগাঁওঃ আজি অসমীয়াৰ অতিকৈ চেনেহৰ বহাগৰ বিদায় মুহূৰ্ত ৷ কিন্ত এনে এটা দিনতে বহাগী বিদায় উৎসৱৰ উদযাপনৰ নামত অনা-অসমীয়া বিষয়াক আমন্ত্ৰণ কৰি অসমীয়া ভাষাক অসন্মান জনালে স্বয়ং উদযাপন সমিতিয়ে৷
এই অকল্পনীয় ঘটনা সংঘটিত হ’ল নগাঁৱৰ বেবেজীয়াৰ সমীপৰ শেতালী অঞ্চলত ৷ শেতালী যুৱ সমাজৰ উদ্যোগত দিনযোৰা কাৰ্যক্ৰমণিকাৰে আয়োজিত ব’হাগী উৎসৱত মুখ্য অতিথি ৰূপে নিমন্ত্ৰণ কৰি অনা জিলা বন বিষয়াই উদ্বোধনী ভাষণত যি অসংলগ্ন ভাষাৰে বক্তব্য ৰাখিলে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
অনা-অসমীয়া বিষয়াগৰাকীয়ে ভঙা ভঙা অসমীয়াত বিহু সম্পৰ্কে আগবঢ়োৱা ভাষণৰ অৰ্থ সলনি হৈ পৰাত উপস্থিত দৰ্শকসকল হতভম্ব হৈ পৰে।
ইয়াৰ বিপৰীতে উক্ত উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই ভঙা ভঙা অসমীয়াত বন বিষয়াগৰাকীয়ে আগবঢ়োৱা ভাষণক হাত চাপৰিৰে সমৰ্থন জনোৱা দেখা গ'ল।
ভঙা অসমীয়াৰে বিহুৰ অৰ্থ সলনি কৰি পেলোৱা ভাষণক হাত চাপৰি বজাই নেতাজনে এনদৰে সমৰ্থন জনোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই অধিকাংশ উপস্থিত দৰ্শকে।
অৱশ্যে আন একাংশ লোকে আয়োজক সমিতিক সমৰ্থন কৰিবলৈ গৈ যুক্তি প্ৰদৰ্শন কৰে যে অনা-অসমীয়া বিষয়া হৈয়ো হিন্দীৰ পৰিৱৰ্তে ভঙা অসমীয়াত ভাষণ আগবঢ়োৱাতো কোনো ধৰণৰ বিৰোধিতা কৰিবলগীয়া কথা নহয়।