ডিজিটেল ডেস্কঃ আপুনি দেখিবলৈ কিমান ধুনীয়া? নিজৰ সৌন্দৰ্য্যক লৈ সন্দেহ আছে নেকি আপোনাৰ? কি ৰঙৰ, কেনে ধৰণৰ পোছাক পিন্ধিলে সঁচাকৈয়ে আপোনাক ধুনীয়া দেখা হ'ব সেয়া ভাবি কেতিয়াবা দোধোৰ-মোধোৰত পৰে নেকি? এতিয়াৰে পৰা এই ক্ষেত্ৰত আৰু দোধোৰ-মোধোৰত পৰিবলগীয়া নহয় আপুনি।

আপোনাৰ এনে সমস্যা উপলব্ধি কৰি আমাজনে লৈ আহিছে এক বিশেষ যতন। কি কাপোৰৰ লগত কি পিন্ধিলে আপুনি হাজাৰৰ মাজত জিলিকি উঠিব সেয়া এতিয়াৰে আপোনাক জনোৱাৰ দায়িত্ব লৈছে আমাজনে। আপোনাৰ ব্যক্তিত্বৰ সৈতে সুন্দৰকৈ খাপ খাই যোৱাকৈ কাপোৰৰ পৰামৰ্শ দিয়াৰ বাবে আমাজনে নিৰ্মাণ কৰিছে এক বিশেষ প্ৰযুক্তি।

সেয়ে ঘণ্টাৰ পিছত ঘণ্টা আইনাৰ আগত নিজকে চাই থকা বা বন্ধুবৰ্গক সুধি ব্যতিব্যস্ত কৰি তোলাৰপৰা পৰিত্ৰাণ পাব গ্ৰাহকে। কাপোৰক লৈয়ে প্ৰায়ে দোমোজাত পৰা দেখা যায় সকলোকে৷ কোনটো সময়ত কি পিন্ধিব, উক্ত কাপোৰজোৰে শুৱনি কৰিছে নে ইত্যাদি বিভিন্ন প্ৰশ্নই ক’ৰবালৈ যোৱাৰ আগতেই শলঠেকত পেলোৱা এক সমস্যালৈ পৰিগণিত হৈছে৷

এই বিশেষ প্ৰযুক্তিৰে বিশ্বৰ সৰ্ববৃহৎ খুচুৰা বিক্ৰেতা কোম্পানী আমাজনে সকাহ দিব গ্ৰাহকক৷ ’ইকো লুক’ নামৰ এই বিশেষ আহিলাবিধৰ আপোনাক সহায় কৰিব পোছাক নিৰ্বাচন কৰাত৷ উক্ত আহিলাবিধৰ লগত এটা কেমেৰা সংলগ্ন কৰা হৈছে৷

উক্ত কেমেৰাৰ জৰিয়তে সহায় হ’ব পোছাক নিৰ্বাচন কৰাত৷ তদুপৰি আপোনাৰ নিৰ্দেশত এই কেমেৰাই গ্ৰাহকৰ ভিডিঅ’ নিৰ্মাণ কৰিব৷ তদুপৰি ইয়াৰ লগতে ষ্টাইল চেক সেৱাও সন্নিবিষ্ট কৰা হৈছে৷  এই ফিচাৰ্চত দুখন ফটো দিব লাগিব৷

এই ফটো দুখনৰ সহায়তে ফেশ্যন বিশেষজ্ঞই আপোনাৰ লগত মিলা পোছাকৰ বিষয়ে অৱগত কৰিব৷  উক্ত আহিলাটোৰ বজাৰ মূল্য প্ৰায় ১৩ হাজাৰ টকা৷