ডিজিটেল ডেস্কঃ এখন দলীয় সভা চলি থকাৰ মাজতে পাকিস্তানৰ এগৰাকী মন্ত্ৰীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলিচালনে কৰে৷ reuters.comৰ মতে, পাকিস্তানৰ মন্ত্ৰী এহচান ইকবালে এটি ৰেলীত অংশ গ্ৰহণ কৰিব যোৱাৰ সময়তে সন্ত্ৰাসবাদীয় আক্ৰমণ কৰাত গুৰুতৰ ভাবে আহত হয়৷ 

জানিব পৰা মতে, পঞ্জাৱ ৰাজ্যৰ দানকাঠ নামৰ ঠাইত দেওবাৰে পাকিস্তান মুছলিম লীগৰ নেতা তথা মন্ত্ৰী এহচানক লক্ষ্য কৰি গুলিচালনে কৰে৷ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় মন্ত্ৰীগৰাকীক৷ আৰক্ষীয়ে প্ৰকাশ কৰে মতে গুলী মন্ত্ৰীৰ হাতত লাগে আৰু তৎক্ষণাত লাহোৰ চিকিৎলয়ত ভৰ্তি কৰা হয়৷

ঘটনাৰ তদন্ত আৰম্ভ কৰি এতিয়ালৈ ২০গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে৷ মোথো ১৮ মিটাৰ নিলগৰ পৰা চলাইছিল গুলী৷