ডিজিটেল ডেস্কঃ ৰাজসভ্যৰ উপাধ্যক্ষ ভেংকয়া নাইডুৱে বিৰোধীৰ সাংসদ স্বাক্ষৰিত মহাভিযোগৰ প্ৰস্তাৱ নাকচ কৰাৰ দুসপ্তাহ পিছত নাইডুৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাইছে দুই কংগ্ৰেছী সাংসদ। সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে উত্থাপিত এই প্ৰস্তাৱ নাকচ কৰা বিষয়টো সন্দৰ্ভত যুটীয়া পিটিশ্যন দাখিল কৰা পাঞ্জাৱৰ সাংসদ প্ৰতাপ সিং বাজৱা আৰু গুজৰাটৰ সাংসদ হৰ্ষদ্ৰয় য়াজ্ঞিকে কয় যে ৰাজ্যসভাৰ নিয়মানুসাৰে ৭১ গৰাকী সাসংদৰ স্বাক্ষৰিসম্বলিত প্ৰস্তাৱটো ভেংকয়া নাইডুৱে নাকচ কৰাৰ কোনো অধিকৰা নাই।

নাকচ কৰাৰ পৰিৱৰ্তে তেঁও এখন অনুসন্ধান আয়োগ গঠন কৰি মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে থকা অভিযোগৰ তদন্তৰ সিদ্ধান্তহে ল’ব লাগিছিল। সেয়ে উক্ত সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সাংসদদ্বয়ে উচ্চতম ন্যায়ালয়ত পিটিশ্যন দাখিল কৰি ন্যায়াধীশ চেলমেশ্বৰক পিটিশ্যনখন শীঘ্ৰে লিষ্টিং কৰোৱাৰ অনুৰোধ জনায়।

২০ এপ্ৰিলত মহাভিযোগ দাখিলৰ চাৰিদিন পিছত অৰ্থাৎ ২৪ এপ্ৰিলতহে কিয় সেয়া নাকচ কৰা হ’ল, সেই লৈ নাইডুৰ অভিপ্ৰায় থকাৰো সন্দেহ ব্যক্ত কৰিছে সাসংদদ্বয়ে। উল্লেখ্য যে মহাভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰতিবেদন প্ৰকাশ কৰাৰ বিৰত থকাৰ পৰা আৰম্ভ কৰি কোনো সাংসদে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য নকৰিবলৈ দাখিল কৰা পিটিশ্যন এখন স্থগিত ৰাখে সৰ্বোচ্চ ন্যায়ালয়ে।