newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ মাত্ৰ দুটা দিন হৈছেহে৷ দেশত পুনৰ বৃদ্ধি হ’ল পেট্ৰল আৰু ডিজেলৰ দাম৷ ২৪ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে পেট্ৰলৰ দাম বৃদ্ধি কৰাৰ পিছত পুনৰ ১৪ মে’ত বৃ্দ্ধি কৰে৷ 

১৪ মে’ত পেট্ৰলৰ দাম ১৭ পইচা বৃদ্ধি কৰি ৭৪.৮০ টকা হোৱাৰ লগতে ২১ পইচা বৃদ্ধিৰে ডিজেলৰ দাম ৬৬.১৪ টকালৈ বৃদ্ধি কৰা হয়৷ এই বৃদ্ধি দিল্লীৰ লগতে কলিকতা, মুম্বাই আদি বাকী চহৰ সমূহতো দেখিবলৈ পোৱা গৈছে৷ 

উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাম বৃদ্ধি কৰা হোৱা নাছিল৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্যৰ তুলনাত ভাৰতত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই ভাৰতত পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে বুলি অনুমান কৰা হৈছে৷ 

আলোচনা চলিছে যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মূল্য হ্ৰাস পোৱাৰ পিছতো কৰ্ণাটক নিৰ্বাচনৰ বাবে ১৯ দিনলৈ তেলৰ দাম বৃদ্ধি কৰা হোৱা নাছিল৷ কিন্তু ইয়াৰ ফলত যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাত আগন্তক কেইবাদিনলৈ একেধাৰে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷  

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ এয়া এক নিৰ্বাচনী ৰণ কৌশল বুলিও বহুতে মন্তব্য কৰিছে৷ ২০১৭ চনৰ গুজৰাট নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত কম্পানীসমূহে তেলৰ দাম ১-৩ পইচা পৰ্যন্ত হ্ৰাস কৰিছিল৷ কিন্তু নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতেই কোম্পানী সমূহে তেলৰ দাম বৃদ্ধি কৰি সুতে-মুলে সকলো আদায় কৰিছিল৷