গুৱাহাটীঃ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যোৱাটো নিৰ্বাচনৰ সময়ত খোদ কৈছিল দেশৰ বাবে কিবা কৰিব লাগিলে ৫৬ ইঞ্চিৰ বুকু থাকিব লাগিব৷ কেৱল ইমানে নহয় নতুন নতুন কথাৰে ভাষণ প্ৰদান কৰি বিৰোধীক ধৰাশয়ী কৰিব পাৰে বুলি খ্যাতিও আছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ৷ 

ভাষণেৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ধৰাশয়ী কৰাৰ লগতে ভোটাৰক আকৰ্ষিত কৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী হৈছিল৷ সেয়াও অভিলেখ সংখ্যাক আসন লাভ কৰি৷

কিন্তু শেহতীয়াকৈ চৰ্চা আৰম্ভ হৈছে যে সংসদৰ বাজেট অধিবেশন বিৰোধীয়ে চলিব নিদিয়াত শক্তিশালী প্ৰধানমন্ত্ৰীগৰাকী অসহায় হৈ পৰিছে নেকি? 

ভাষণৰ জৰিয়তে তীব্ৰ আক্ৰমণ কৰি বিৰোধীক মুখ উলিয়াব নোৱাৰা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১২ এপ্ৰিলত অনশনত বহিব বুলি খবৰ ওলোৱাৰ পিছতে এতিয়া বিভিন্ন কথা চৰ্চা আৰম্ভ হ’বলৈ ধৰিছে৷

প্ৰধানমন্ত্ৰীয়ে অসহায় হৈ অনশনত নবহি অসহায় বিৰোধীক পথ দেখুৱাবলৈ হয়তো অনশন কৰিব৷ আনহাতে বিৰোধীৰ সন্মুখত চৰকাৰ খনে দিক-বিদিক হেৰুৱাই পেলাইছে বুলি চৰ্চা আৰম্ভ হৈছে৷ দিক-বিদিক চৰকাৰ খনে হেৰুৱা নাই হেৰুৱাইছে বিৰোধীয়েহে বুলি চৰ্চা চলিছে৷ 

চৰ্চা যিয়ে নহওঁক কিন্তু জনগণে সকলো প্ৰত্যক্ষ কৰি আছে৷ সেয়া শাসকে হওক নতুবা বিৰোধীয়ে হওঁক৷ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে জনগণে সময়ত তাৰ উত্তৰ দিব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অহা ১২ এপ্ৰিলত অনশনত বহিব৷ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নহয় বিজেপিৰ প্ৰতিগৰাকী সাংসদ, নেতা-কৰ্মীয়ে নিজ নিজ সমষ্টিত বিৰোধীৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি অনশনত বহিব৷ 

আনহাতে বুধবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে দলৰ সকলো বিধায়কৰ সৈতে অডিঅ’ কনফাৰেন্স যোগে চামিল হ’ব৷ ইমানে নহয় বিৰোধীয়ে দুয়ো খন সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰি শাসকীয় দলটোৰ সাংসদসকলে ২৩ দিনৰ দৰমহা নোলোৱাৰ সিদ্ধান্ত লয়৷ 

যোৱা ২৩ দিন সদন বাৰে বাৰে স্থগিত ৰাখিব লগা হৈছিল৷ অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদ, পঞ্জাৱ নেচ’নেল বেংক কেলেংকাৰী, কাবেৰী, এছটি-এছচি আইন দুৰ্বল কৰাৰ দৰে বিষয়ক লৈ বিৰোধীয়ে তীব্ৰ হৈ-হাল্লা কৰি অহাত সদন স্থগিত ৰাখিব লগা হয়৷

কংগ্ৰেছৰ আচৰণৰ বাবে সংসদীয় ব্যৱস্থা নিম্ন স্তৰলৈ আহিছে বুলি মোডীয়ে অভিযোগ উত্থাপন কৰি বিৰোধীৰ সাংসদৰ বাবে সদনৰ গতি ৰোধ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী, সভাপতি শ্বাহে সমগ্ৰ সাংসদ, বিধায়ক, নেতা-কৰ্মী প্ৰতিবাদ সাব্যস্ত কৰিব সমগ্ৰ দেশজুৰি।