Image Source: xinuha
Image Source: xinuha

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত যিমান নহৰু তথা নহৰু মিশ্ৰিত সামগ্ৰী বিক্ৰী হয়, ইয়াৰ ৮০ শতাংশই হৈছে চীন দেশৰ। কিন্তু এই চীনা নহৰু স্বাস্থ্যৰ পক্ষে সুবিধাজনক নহয় বুলি মন্তব্য কৰিছে গৱেষকসকলে। snopes.com নামৰ এটি আগশাৰীৰ ৱেবছাইটত প্ৰকাশ পাইছে গৱেষণাৰ প্ৰতিবেদন।

CLICK: সন্ত্ৰাসবাদৰ ঘাটি মধ্যপ্ৰাচ্যৰ সহায় ল'ব লাফিকুলৰ ভাতৃয়ে!

পৰীক্ষাত দেখা গৈছে যে, চীনা নহৰুত থাকে অতি উচ্চমাত্ৰাৰ মিথাইল ব্ৰমাইডৰ লগতে সীহ আৰু ছালফাইটছ। গৱেষকসকলৰ মতে, এই ৰাসায়নিক উপাদানসমূহে নহৰুৰ স্বাভাৱিক গুণ আৰু উপকাৰিত নষ্ট কৰাৰ লগতে কৰ্কটৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

কেৱল ইমানেই নহয়, মানৱ শৰীৰৰ উশাহ-নিশাহ প্ৰক্ৰিয়া আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰকো ক্ষতিগ্ৰস্ত কৰে এই চীনা নহৰুৱে।

CLICK: বিজিতে হত্যা কৰিব প্ৰমোদ বড়োক, এবছুৰ প্ৰতিবাদ

snopes.comত প্ৰকাশিত বাতৰি মতে, ডাৰ্ক স্পট নাইকিয়া কৰি চীনা নহৰুবোৰ গ্ৰাহকৰ চকুত পৰাকৈ চকচকীয়া কৰি তুলিবৰ বাবে ব্লিচ কৰা হয় ক্ল’ৰিন। এই ক্ল’ৰিনেও মানুহৰ দেহৰ যথেষ্ট ক্ষতি কৰে।  

আনকি ভাৰতলৈ যি অৰ্গেনিক নহৰু চীনে প্ৰেৰণ কৰে, তাতো মিহলি কৰা হয় ৰাসায়নিক দ্ৰব্য। ফলত একে ধৰণে ক্ষতিকাৰক হৈ পৰে এই অৰ্গেনিক নহৰুবোৰো। নহৰুবোৰ যাতে সোনকালে গজালি নেমেলে তাৰ বাবে জাহাজত তোলাৰ আগতে স্প্ৰে কৰা হয় ৰাসায়নিক দ্ৰব্য। 

♦ কেনেদৰে চিনি উলিয়াব চীনা নহৰু?

চীনা নহৰু চিনাক্ত কৰাতো অকণো টান কাম নহয়। চকচকীয়া, দাগ নথকা নহৰু নিকিনিব। কিয়নো ব্লিচ কৰাৰ ফলত চীনা নহৰুবোৰ চকচকীয়া আৰু দাগবিহীন হয়। ওজন চায়ো আপুন চিনি উলিয়াব পাৰে চীনা নহৰু।

লোকেল নহৰুৰ তুলনাত চীনা নহৰুৰ আকাৰ একে হ’লেও, ওজন যথেষ্ট কম হয়। ৰপ্তানি খৰছ কম কৰিবলৈকে নহৰুবোৰৰ পৰা পানীভাগ বিশেষ প্ৰক্ৰিয়াৰে উলিয়াই পেলোৱা হয় বাবেই চীনা নহৰুবোৰ আমাৰ স্থানীয় নহৰুতকৈ পাতল হয়। লগতে চীনা নহৰুবোৰৰ পৰা কোনো ধৰণৰ শিপা আদি ওলাই নাথাকে।

সেয়ে, এতিয়াৰে পৰা নহৰু কিনোতে সাৱধান হওক। পৰিয়ালক স্বাস্থ্যৱান কৰি ৰাখিবলৈ বজাৰৰ পৰা গুণসমৃদ্ধ নহৰুহে কিনিব। পেকেটত থকা নহৰুজাতীয় মচলা, পেষ্ট আদি পৰাপক্ষত নিকিনিব। কিয়নো সেইবোৰৰ অধিকাংশই চীনা নহৰুৰেই তৈয়াৰ কৰা হয়।