newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে সমগ্ৰ দেশতে কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ‘গণতন্ত্ৰ হত্যা’ৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ কৰ্ণাটকত কংগ্ৰেছ-জেডিএছৰ মিত্ৰ জোঁটক চৰকাৰ গঠন কৰিব দিয়াৰ পৰিৱৰ্তে বিজেপিক দলক চৰকাৰ গঠন তথা মুখ্যমন্ত্ৰী হিচাপে শপত লবলৈ দিয়াত কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে৷ সৰ্বভাৰতীয় কংগ্ৰেছে দেশৰ প্ৰতিখন প্ৰদেশ কংগ্ৰেছ সমিতিক বৃহস্পতিবাৰে গণতন্ত্ৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিৰ্দেশ দিছিল৷

কৰ্ণাটকত বিজেপিৰ বিৰুদ্ধে বিধায়ক কিনিব খোজাৰ লগতে অগণতান্ত্ৰিক ভাবে চৰকাৰ গঠন কৰিব খোজাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ কৰ্ণাটকত কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ ১১৬ খন আসন থকাৰ পিছতো ১০৪ খন আসন লাভ কৰা বিজেপি দলৰ নেতাক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ তথা মুখ্যমন্ত্ৰী হিচাপে শপত লবলৈ সুবিধা প্ৰদান কৰাত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে নাৰাজ হৈ পৰিছিল কংগ্ৰেছ৷ 

বৃহস্পতিবাৰে কৰ্ণাটক বিধান সভাৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শুকুৰবাৰে সমগ্ৰ দেশত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে ৰাজধানী মহানগৰীৰ দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতত্বত কেইবাগৰাকী বিধায়ক, কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত বিজেপি চৰকাৰ-দলৰ বিৰুদ্ধে ধৰ্ণা দিয়াৰ লগতে গণতন্ত্ৰক ৰক্ষা কৰাৰ দাবী জনায়৷ 

ৰিপুণ বৰাই কংগ্ৰেছে সংসদৰ বাহিৰে ভিতৰে গণতন্ত্ৰক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ সদনৰ ভিতৰত বিৰোধীক কবলৈ নিদিয়াৰ লগতে সংসদ সুকলমে অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে বিজেপিয়ে কৰ্ণাটকত কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কক কিনি চৰকাৰ গঠন কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰে বৰাই৷