গুৱাহাটীঃ চৰকাৰৰ কণ্ঠ নহৈ প্ৰকৃতাৰ্থত জনতাৰ কণ্ঠ হ’বলৈ গৈ ২০১৮ বৰ্ষত চাকৰি হেৰুৱাবলগীয়া হৈছিল এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তিনিজনকৈ জ্যেষ্ঠ সাংবাদিকে। এই সাংবাদিক ৩জন হৈছে পূণ্যপ্ৰসূন বাজপেয়ী, অভিসাৰ শৰ্মা আৰু মিলিণ্ড খণ্ডেকাৰ। এই ঘটনাই সমগ্ৰ দেশতে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। বিষয়টো আনকি সংসদৰ মজিয়াও পাইছিল।
‘মাষ্টাৰষ্ট্ৰোক’ নামৰ অনুষ্ঠান এটাৰ জৰিয়তে কেন্দ্ৰৰ মোদী চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ প্ৰমাণসহ উদঙাই দিয়াৰ পিছতে ‘এবিপি নিউজ’ নামৰ আগশাৰীৰ হিন্দী চেনেলটোৱে পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য কৰাইছিল সম্পাদক পূণ্যপ্ৰসূন বাজপেয়ীক। চৰকাৰ বিৰোধী বাতৰি আৰু অনুষ্ঠান প্ৰচাৰ কৰা বাবেই পৰিচালন সম্পাদক মিলিণ্ড খণ্ডেকাৰ আৰু এংকৰ অভিসাৰ শৰ্মাকো কোনোধৰণৰ আগতীয়া জাননী অবিহনে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল প্ৰতিষ্ঠানটোৱে।