ডিজিটেল ডেস্কঃ টাইফুণৰ কবলত পৰিছে ফিলিপাইনৰ এখন মালবাহী জাহাজ৷ প্ৰশান্ত মহাসাগৰত বিপজ্জনক টাইফুণৰ কবলত পৰি ১১গৰাকী ভাৰতীয় শ্ৰমিক নিৰুদ্দেশ হয়৷ শুকুৰবাৰে ফিলিপাইনৰ উপকুলৰ উত্তৰ সীমান্তৰ প্ৰায় ৩০০ কিঃ মিঃ পূৱ দিশে প্ৰশান্ত মহাসাগৰত মধ্য ভাগত জাহজ খন দুৰ্ঘটনাত পতিত হয়৷

মাথো এদিন পুৰ্বে এই সংকেত লাভ কৰিছিল জাপানৰ নদী আৰক্ষীয়ে৷ আনহাতে দুৰ্ঘটনাত পতিত জাহাজ খনৰ ওচৰেৰে গৈ থকা আন তিনি খন মলাবহী জাহাজে ১৫গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু ১১ ভাৰতীয় শ্ৰমিকৰ এতিয়ালৈ কোনো শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

জাপানৰ নদী আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত জাহাজ খনৰ শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ বাবে বিমান নৌকা সহিতে উদ্ধাৰকাৰী দল পঠিয়াইছে যদিও টাইফুণৰ বাবে উদ্ধাৰ কাৰ্য ব্যাহত হৈ পৰিছে৷ হংকংৰ ৩৩,২০৫ টন সামগ্ৰী কঢ়িযায় অনা জাহাজ খনত সৰ্বমুঠ ২৬ গৰাকী ভাৰতীয় শ্ৰমিকে কাম কৰিছিল৷ ১৫ গৰাকী উদ্ধাৰ হয় যদিও ১১গৰাকী প্ৰশান্ত মহাসাগৰত নিখোজ হয়৷ ১১গৰাকী শ্ৰমিকৰ জীয়াই থকাৰ আশা প্ৰকাশ কৰা নাই জাপানে৷