মোৰাঝাৰঃ শিক্ষা বিভাগৰ নিৰ্দেশ মানি এগৰাকী শিক্ষকে এখন মাদ্ৰাছাত যোগদান কৰিবলৈ অহাত আজি হোজাই জিলাৰ ডবকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় লোকে শিক্ষকগৰাকীক কোনো কাৰণতে যোগদান কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে৷
প্ৰাপ্ত বাতৰি মতে, হোজাইৰ ডবকাৰ মাতলাউল উলুম ছিনিয়ৰ মাদ্ৰাছাত এগৰাকী শিক্ষকে আজি দিনৰ ভাগত যোগদান কৰিবলৈ আহে৷ আব্দুৰ ৰৌফ নামৰ শিক্ষকগৰাকীয়ে ফলিহামাৰি ছিনিয়ৰ মাদ্ৰাছাত শিক্ষকতা কৰি আছিল যদিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে তেওক ডবকাৰ মাতলাউল উলুম ছিনিয়ৰ মাদ্ৰাছালৈ বদলি কৰে।
শিক্ষকগৰাকীয়ে যোগদানৰ বাবে অহাৰ সময়তে স্থানীয় ৰাইজে বহু দুৰ্নীতি আৰু মধ্যাহ্ন ভোজনৰ ব্যাপক কেলেংকাৰী কৰি অহা বুলি দাবী কৰি শিক্ষকগৰাকীক যোগদানত বাধা আৰোপ কৰে৷ শিক্ষা বিভাগে অপসাৰণ কৰাৰ লগতে শাস্তিমূলক বদলি কৰাৰ বাবে মাদ্ৰাছাখনত কোনো কাৰণত যোগদান কৰিবলৈ দিয়া নহ'ব বুলি ৰাইজে তেওঁক জনায় দিয়ে।
উত্তেজিত ৰাইজে হোজাই জিলা আমছাৰ একাংশ সদস্যৰ সহযোগত দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ থকা শিক্ষকগৰাকীক মাদ্ৰাছাখনত প্ৰৱেশতো বাধা আৰোপ কৰে। শেষত হোজাই জিলা আমছাই মাতলাউল উলুম ছিনিয়ৰ মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ জৰিয়তে মাদ্ৰাছা শিক্ষা বৰ্ডৰ সঞ্চালকক বিতৰ্কিত শিক্ষকগৰাকীক ডবকাত যোগদান কৰিবলৈ দিয়া নহব বুলি দাবী উত্থাপন কৰি এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।