ডিজিটেল ডেস্কঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত পদোন্নতিৰ বাবে আৰু প্ৰয়োজন নহ’ব পাৰে গৱেষণা পত্ৰৰ৷ কোনো ধৰণৰ গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ প্ৰয়োজন নহ’ব পাৰে শিক্ষকসকলে৷ এই কথা প্ৰকাশ কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে৷ 

অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰে সলনি কৰিব কেতবোৰ শৈক্ষিক নিয়ম-নীতি৷ নতুন দিল্লীৰ অখিল ভাৰতীয় শিক্ষক মহাসংঘৰ জাতীয় সন্মিলনত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাধ্যবাধকতাৰ বাবে এতিয়াও দেশত গৱেষণাৰ ক্ষেত্ৰখনত উন্নতমানৰ পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ সেইবাবে এই বাধ্যবাধকতা আতৰোৱাতো প্ৰয়োজনীয় হৈ পৰিছে৷ 

এই গৱেষণাৰ পৰিৱৰ্তে কোনো শিক্ষকে যদি নিজ অঞ্চলৰ লোকসকলৰ বাবে অথবা ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়নৰ বাবে কাম কৰিব পাৰে তেন্তে সেয়া অধিক লাভজনক হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ অৱেশ্যে মহাবিদ্যালয়ৰ প্ৰবক্তাসকলৰ বাবেহে আতৰিব এই নিয়ম, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ক্ষেত্ৰত কিন্তু পূৰ্বৰ নিয়মেই বাহাল থাকিব৷ 

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে শিক্ষকসকলে নিজ মহাবিদ্যালয়সমূহৰ আলোচনীসমূহকে জাৰ্ণালত অন্তৰ্ভূক্ত কৰিছে৷ এনে জাৰ্ণালৰ সংখ্যা প্ৰায় ১৩ হাজাৰ৷ অৱেশ্যে প্ৰয়োজনীয় ধনৰ অভাৱ গৱেষণাৰ নিম্ন মানদণ্ডৰ মুখ্য কাৰণ বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে৷ দেশৰ উন্নতিৰ বাবে গৱেষণা অতি প্ৰয়োজনীয় বুলিও উল্লেখ কৰে প্ৰকাশ জাভড়েকাৰে।