ডিজিটেল ডেস্কঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত পদোন্নতিৰ বাবে আৰু প্ৰয়োজন নহ’ব পাৰে গৱেষণা পত্ৰৰ৷ কোনো ধৰণৰ গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ প্ৰয়োজন নহ’ব পাৰে শিক্ষকসকলে৷ এই কথা প্ৰকাশ কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে৷
অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰে সলনি কৰিব কেতবোৰ শৈক্ষিক নিয়ম-নীতি৷ নতুন দিল্লীৰ অখিল ভাৰতীয় শিক্ষক মহাসংঘৰ জাতীয় সন্মিলনত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাধ্যবাধকতাৰ বাবে এতিয়াও দেশত গৱেষণাৰ ক্ষেত্ৰখনত উন্নতমানৰ পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ সেইবাবে এই বাধ্যবাধকতা আতৰোৱাতো প্ৰয়োজনীয় হৈ পৰিছে৷