![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/7f30115c-8d37-459b-93d2-10d1762ecb2e.jpg?itok=S-Gur8hI)
newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ কলা শাখাত মুঠ ১ লাখ ৯৪ হাজাৰ ৫৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ১ লাখ ৪৫ হাজাৰ ২৮১ গৰাকীয়ে উত্তীৰ্ণ হয়৷ ইয়াৰে ১৯,৪৭০ গৰাকীয়ে প্ৰথম বিভাগত, ৪৫,৭৫১গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৮০,০৬০ গৰাকীয়ে৷
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ১০ গৰাকী মেধাই কলা বিভাগত শীৰ্ষ ১০টা পদ দখল কৰিবলৈ সক্ষম হৈছে৷ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে সম্প্ৰীতি ৰাজখোৱাই৷ নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাই ৪৮৭ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়৷ আন এগৰাকী ছাত্ৰই নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷ কলা শাখাত ৪৮৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰে নগাঁও জিলাৰে কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ ত্ৰিদিপ বৰাই৷
বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই কলা শাখাত উজলি উঠে এগৰাকী ছাত্ৰী৷ কলা শাখাত ৪৮৪ নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰে বৰপেটাৰ জিলাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ছাত্ৰী ভনিতা ৰয়ে৷
কলা শাখাত ৪৮২ নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰে বৰপেটা জিলাৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ছাত্ৰ ঋতুপৰ্ণ কলিতাই৷ ৪৮১ নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰে যোৰহাটৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ছাত্ৰী অনন্দিতা নাথে৷ ৪৮০ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰে বৰপেটা জিলাৰ কৃষ্ণকান্ত সন্দিকে জুনিয়ৰ কলেজৰ মেধা ছাত্ৰী হিয়াশ্ৰী চৌধুৰীয়ে৷ ৪৭৯ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে ৰামানুজন জুনিয়ৰ কলেজৰ ত্ৰিপৰ্ণা বৰাই৷
৪৭৮ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰে নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ অংকিতা ছেত্ৰীয়ে৷ ৪৭৭ নম্ব লাভ কৰি নৱম স্থান যুটীয়া ভাবে লাভ কৰে লখিমপুৰ জিলাৰ লোহিত দিকৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধা ছাত্ৰ মানস প্ৰতিম হাজৰিকা আৰু বিশ্বনাথ চাৰিআলি জিলাৰ ডেফনে জুনিয়ৰ কলেজৰ ছাত্ৰী অংকিতা হাজৰিকাই৷