ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ঘোষণা কৰা হ’ল ২০১৭ বৰ্ষৰ ন'বেল বিজেতাৰ নাম৷ মাৰ্কিন অৰ্থনীতিবিদ ৰিচাৰ্ড থ্যালাৰে লাভ কৰে অৰ্থনীতিৰ ন'বেল৷ (Behavioural  Economics) আচৰণগত অৰ্থনীতিৰ গৱেষণা আৰু অৱদানৰ বাবে এই স্বীকৃতি লাভ কৰে অৰ্থনীতিবিদ ৰিচাৰ্ডে৷ সোমবাৰে এক বিবৃতি যোগে ন'বেল সমিতিয়ে এই কথা প্ৰকাশ কৰে৷ ব্যক্তিৰ আচৰণ আৰু অৰ্থনীতিৰে সম্পৰ্কৰ কথা প্ৰকাশ পাইছিল ৰিচাৰ্ডৰ গৱেষণাত৷

আচৰণগত অৰ্থনীতিত নতুন নতুন সম্ভৱনাৰ জন্ম দিছিল মাৰ্কিন অৰ্থনীতিবিদ ৰিচাৰ্ডে৷ পুৰস্কাৰৰ সৈতে ১১ লাখ মাৰ্কিন ডলাৰ লাভ কৰিবলগীয়া ৭২ বছৰীয়া ৰিচাৰ্ড চিকাগো বিশ্ববিদ্যালয়ৰ খ্যাতনামা অধ্যাপক৷ স্মৰ্তব্য যে, 'দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল' নামৰ আলোচনীখনৰ মতে আমেৰিকান ৰিচাৰ্চ কোম্পানী "ক্লেৰিভেট এনালাইটিকচ"এ সম্ভাৱিত ন'বেল বঁটা বিজয়ী সকলৰ প্ৰকাশ কৰা তালিকাত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘূৰাম ৰাজনৰ নাম প্ৰকাশ কৰিছিল৷

এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে ভাৰতত চৰ্চা লাভ কৰিছিল৷ কিয়নো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শাসনৰ ভাৰ লোৱাৰ সময়ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ হৈ আছিল ৰাজন৷ চৰকাৰৰ সৈতে হোৱা মনোমালিন্যৰ পিছতে ৰাজনে পদত্যাগ কৰিছিল৷ ক্লেৰিভেট এনালাইটিকচে ৰাজনৰ নাম কৰ্পৰেট ফাইনেন্সৰ ক্ষেত্ৰখনত কৰা কামৰ আধাৰত এই তালিকাখনত চামিল কৰিছিল । তাৰ পিছতে সোমবাৰে অৰ্থনীতিৰ ন'বেল বিজয়ীজনৰ নাম ঘোষণা কৰে ন'বেল বঁটা সমিতিয়ে।