![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/New%20Saraighat%20Bridge.jpg?itok=V4Flzpa3)
ডিজিটেল ৰিপ'ৰ্টঃ শৰাইঘাটৰ বৃহৎ দলং। কাছৰ পিঠিত থাকে চলং। এখন নহয় এতিয়া দুখনকৈ বৃহ দলং। নতুন দলংখনে মায়াময় কৰি তুলিছে সমগ্ৰ পৰিৱেশটোকে। আগৰ দৰে এতিয়া ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৱদ্ধ হৈ ৰ’ব নালাগে যান-জঁটত। মুঠৰ ওপৰত দলং দুখনত এতিয়া এক সুন্দৰ পৰিৱেশ। বিশেষকৈ নতুন দলংখনৰে পাৰ হৈ গ’লে ছেলফি পিয়াসী মনটোৱে এবাৰলৈ হ’লেও সকলোকে ৰ’বলৈ বাধ্য কৰে।
সেয়ে ছেলফি তুলি ভাল পোৱা প্ৰতিজনেই গাড়ী ৰখাই হ’লেও শৰাইঘাটৰ নৱনিৰ্মিত দ্বিতীয়খন দলঙত এপাক ৰৈ দিয়ে। এপাক ৰৈ লুইতৰ নৈসৰ্গিক শোভা চাই আপোন পাহৰা হৈ ছেলফি তুলি স্মাৰ্টফোনৰ মেমৰিত আৱদ্ধ কৰি ৰাখে ভাললগা দৃশ্য, ভাললগা সময়।
পিছে এতিয়াৰে পৰা আৰু সেয়া সম্ভৱ নহ’ব। ভাল লাগিলেও আপুনি ছেলফি তুলিব নোৱাৰিব লাচিতে মোগলক পৰাস্ত কৰা শৰাইঘাটত। পুৱাৰ উদিত সুৰুয নতুবা আবেলিৰ হেঙুল বেলিয়ে ছেলফি, ছেলফি বুলি হাতবাউলি মাতিলেও আপুনি ৰ’ব নোৱাৰিব। ৰ’লেই আপুনি জবাবদিহি হ’ব লাগিব প্ৰশাসনৰ ওচৰত।
কিয়নো সুৰক্ষাজনিত দিশটোৰ কথা চিন্তা কৰি এতিয়াৰে পৰা শৰাইঘাটৰ দুয়োখন দলঙকে ন’ ছেলফি জ’ন ঘোষণা কৰিছে প্ৰশাসনে। কেৱল ন’ ছেলফি জ’নেই নহয়, দলং দুখনক ন’ পাৰ্কিং জন হিচাপেও ঘোষণা কৰিছে প্ৰশাসনে।
জানিব পৰা মতে এতিয়াৰে পৰা দলং দুখনত কটকটীয়া কৰি তোলা হ’ব সুৰক্ষা ব্যৱস্থা। যান্ত্ৰিক বিজুতি ঘটাত বাদে এনেয়ে গাড়ী পাৰ্কি কৰিলেই লগে লগে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে আপোনাৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা। একেদৰে ছেলফি তুলিলেও একপ্ৰকাৰ অপৰাধী বিবেচিত হ’ব আপুনি।
সেয়ে সাৱধান। শৰাইঘাটত এতিয়াৰে পৰা ন’ ছেলফি, ন’ পাৰ্কিং। দলঙত ছেলফি তুলিবলৈ মন গ’লে আপুনি এতিয়া যাব পাৰে ধলা-শদিয়ালৈ। এতিয়ালৈকে ধলা-শদিয়াত নিষিদ্ধ কৰা হোৱা নাই ছেলফি তোলাতো। অৱশ্যে যিকোনো মুহূৰ্ততে দেশৰ সৰ্ববৃহৎ দলংখনকো ন’ ছেলফি জ’ন ঘোষণা কৰিব পাৰে প্ৰশাসনে।
উল্লেখ্য যে শৰাইঘাটৰ প্ৰথমখন দলঙত ফটো তোলাতো সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল। অনুমতি অবিহনে ফটো তোলা নিষিদ্ধ বুলি এখন ফলকো আৰি থোৱা আছে দলংখনত। কিন্তু দ্বিতীয়খন দলং মুকলি কৰাৰ পিছতে ছেলফি লোৱাৰ ইমান ধুম উঠে যে প্ৰথমখন দলঙত থকা সেই ফলকখন দ্বিতীয়খন দলঙত তেনেই অৰ্থহীন হৈ পৰে।
সৰ্বসাধাৰণে মুহূৰ্ততে দ্বিতীয়খন দলঙক ছেলফি জ’নলৈ ৰূপান্তৰিত কৰাত প্ৰশাসনেও সিদ্ধান্ত লোৱাৰ পূৰ্বে বহুবাৰ ভাবি চাবলৈ বাধ্য হৈ পৰে। অৱশেষত পলমকৈ হ’লেও শৰাইঘাটক ন’ ছেলফি জ’ন আৰু ন’ পাৰ্কিং জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে।