ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমুহৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা কেইবাদিন ধৰি গুজৰাটত বাহৰ পাতি ব্যাপক প্ৰচাৰ অভিযান চলাই শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণ কৰাৰ সময়তে বিজেপি নেতা তথা গৃহ মন্ত্ৰী ৰাজনাথ সিঙে এইবাৰ কংগ্ৰেছ দলক গুৰিত ধৰিলে৷

শনিবাৰে গুজৰাটৰ চুৰাটৰ ‘গুজৰাট গৌৰৱ' যাত্ৰা’ত অংশ লৈ ৰাজনাথ সিঙে চৰ্দাৰ পেটেলৰ প্ৰচেষ্টাতহে হায়দৰাবাদৰ জুনাগড় স্বাধীন ভাৰতৰ অংশ হৈছিল বুলি কয়৷ কিন্তু চৰ্দাৰ পেটেলে যদি কাশ্মীৰক লৈ সিন্ধান্ত ললে হেতেন তেন্তে আজি আমি কাশ্মীৰৰ এই অৱস্থা দেখিব নালাগিল হেতেন বুলি কয়৷ আওপকীয়াকৈ কাশ্মীৰৰ সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷

প্ৰথমে তেওঁ পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ "আমাৰ প্ৰতিবেশী পাকিস্তান৷ অৰ্থাৎ পবিত্ৰ স্থান৷ কিন্তু অপবিত্ৰ কামত ব্যস্ত"৷ তাৰ পিছতে কাশ্মীৰ প্ৰসংগ উল্লেখ কৰি চৰ্দাৰ বল্লভ ভাই পেটেলে কাশ্মীৰ সন্দৰ্ভত সিন্ধান্ত লোৱাৰ সময়ত জৱাহৰলাল নেহেৰুৱে বাধা প্ৰদান কৰিছিল বুলি কৈ বাধা প্ৰদান নকৰিলে আজি আমি অন্য এখন কাশ্মীৰ পালোহেতেন বুলি কয়৷ কাশ্মীৰ সন্দৰ্ভত মোডীক প্ৰশংসা কৰি আমাৰ প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰট'কল ভাঙি পাকিস্তানলৈ গৈছিল৷ যাতে এক সুস্থ সম্পৰ্ক গঢ়ি উঠে৷ কিন্তু কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাস বন্ধ হোৱা নাই বুলি কয় ৰাজনাথে৷ সমগ্ৰ কাশ্মীৰ দখল কৰাৰ স্বাৰ্থত যুদ্ধ কৰিব খুজিছিল চৰ্দাৰ পেটেলে৷ ১৯৪৯ চনৰ জুলাই মাহত  পেটেলে যুদ্ধৰ দাবী তুলিছিল বুলিও কয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।