newsnextone.com | ডিজিটেল ডেস্কঃ ৰাছিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ফুটবল বিশ্বকাপ৷ ফুটবল বিশ্বকাপৰ ২১ সংখ্যাক প্ৰতিযোগিতাত ৩২ খন দেশে অংশ লব৷ ২১ সংখ্যাক বিশ্বকাপ ফুটবলৰ প্ৰথম খন মেচ বৃহস্পতিবাৰে চৌদি আৰব আৰু ৰুছৰ মাজত অনুষ্ঠিত হ’ব৷ লুজনিকী ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শকে চাব প্ৰথমখন মেচ৷ ৰাছিয়াৰ শাসক গোষ্ঠীৰ কেইবাগৰাকী লোক, দেশ-বিদেশৰ অতিথিৰ উপস্থিতিত অনুষ্ঠিত হ’ব মেচ খন৷ মেচ আৰম্ভ হোৱাৰ পূৰ্বে গীত-নৃত্যৰ লহৰ উঠিব লুজনিকী ষ্টেডিয়ামত৷ বিশ্বৰ ফুটবৰ প্ৰেমীয়ে গীত-নৃত্যৰ তালে তালে নাচি উঠিব৷ 

প্ৰথম বাৰ ১৯৩০ চনত উৰগুৱেত আৰম্ভ হোৱা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা প্ৰতি ৪ বছৰৰ মূৰকত আয়োজন হৈ আহিছে৷ এইবাৰ ২১ সংখ্যাক ফুটবল প্ৰতিযোগিতা৷ বৃহস্পতিবাৰে মস্কোৰ লুজনিকী ষ্টেডিয়ামত শুভৰাম্ভ হ’ব৷ ১৯৩০ চনত ৪,৬৪০০০ মানুহে খেল চাইছিল৷ ১৩টা দল আছিল৷ এতিয়া ৮৮ বছৰ পিছত দল হৈ পৰিল ৩২ টা৷ ১১ স্থানত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ কোটি কোটি জনতাই ষ্টেডিয়াম আৰু মোবাইল, টিভিত খেল চাব৷

ৰাছিত এইবাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাক লৈ এক উৎসাহজনক পৰিবেশ৷ ফুটবল বলিয়া মানুহেৰে ভৰি পৰিছে ৰুছ৷ চৌদিশে কেৱল ফুটবলক লৈ উল্লাস৷ কিছুসময়ৰ পাছতে আৰম্ভ হ'ব বিশ্ব ফুটবলৰ মহাৰণ। ৩২ খন দেশে যোদ্ধাই সাঁজু হৈছে ভৰিৰ শক্তি দেখুৱাবলৈ৷ ৰাছিয়াত সাজু মহাশক্তি আৰ্জেন্টিনা, জাৰ্মানী, ব্ৰাজিল, পৰ্তুগাল, স্পেইন আদি। 

এঘড়ী যুঁজিবলৈ সাজু ছৌডি আৰব, ইৰাণ, জাপান, দক্ষিণ কোৰিয়াও। কিন্তু এইবাৰ বিশ্বযুদ্ধত নাথাকিব ৪ বাৰৰ বিজয়ী ইটালী। যাৰ ডিফেন্স আছিল শিলৰ দৰে কঠিন। চুটি চুটি পাছ, মন্থৰ গতি আদিৰে প্ৰতিদ্বন্দ্বিক বিৰক্ত কৰি খেল নিজৰ হাতত ৰখা ইটালীৰ এই ছন্দপতনক যেন কোনো অনুৰাগীয়ে মানি লব পৰা নাই।

টটী, ভিয়েৰী, ইনজাহীৰ দিনৰ তাহানিৰ ইটালী ক'ত হেৰাল? একেদৰে নাই যুঁজাৰু নেদাৰলেণ্ড৷ ফুটবলৰ সৰ্বাংগসুন্দৰী ব্ৰাজিলৰ যেন লোপ পালে সৌন্দৰ্য্যৰ৷ ছাম্বাৰ লহৰে-লহৰে অনুৰাগীক মোহিত কৰি ৰখা ব্ৰাজিলক লৈ যেন সম্পুণ আশাবাদী নহয় ফুটবল প্ৰেমী।