দাদা চাহ একাপ দিব। এইবুলি কোৱাৰ লগে লগে চাহৰ দোকানীগৰাকীয়ে আপোনাৰ হাতত তুলি দিয়ে প্লাষ্টিকেৰে নিৰ্মিত অথবা ডিছপ’জেবল কাপত একাপ গৰম চাহ। আপুনি চাহৰ সোৱাদ লোৱাৰ পাছত কাপটো হয় ডাষ্টবিনত পেলায় নহয় দূৰলৈ দলি মাৰি দিয়ে। ২ অক্টোবৰৰ পৰা আৰু আপুনি এনেদৰে চাহৰ জুতি ল’ব নোৱাৰিব ! প্লাষ্টিকৰ চাহৰ কাপেৰে আমি পৰিৱেশ দূষিত কৰো৷ কেৱল প্লাষ্টিক কাপ বুলিয়েই নহয় অন্যান্য প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰি আমি সমগ্ৰ বাতাবৰণৰ কিমান হানি কৰিছো সেই কথা সাধাৰণতে আমাৰ মনলৈ নাহে। সেই কথা নভবা বা চিন্তা নকৰা কাৰণেই আজি আমাৰ দেশ ভূগিছে ভয়ংকৰ প্ৰদূষণৰ অসুখত। যি অসুখ বেছি দ লৈকে শিপালে নিজৰে বিপদ অনিবাৰ্য৷ দেৰিকৈ হ’লেও এই কথা চিন্তা কৰা হৈছে। প্ৰদূষণমুক্ত ভাৰত গঢ়িবলৈ উঠিপৰি লাগিছে চৰকাৰ। এই অনুযায়ী চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা ভাৰতক সম্পূৰ্ণ ৰূপে প্লাষ্টিক বৰ্জিত কৰিবলৈ চলোৱা হ’ব বিশেষ অভিযান৷