internet

newsnextone.comডিজিটেল ডেস্কঃ আফগানিস্তানৰ ৰাজধানী কাবুলত বুধবাৰে এটাৰ পিছত এটাকৈ কেইবাটোও বোমা বিস্ফোৰণ ঘটে৷ স্থানীয় বাতৰিত প্ৰকাশ পোৱা অনুসৰি কাবুলত কেইবাটাও বোমা বিস্ফোৰণৰ লগতে ধাৰাষাৰ গুলি বৰ্ষনে বুধবাৰে পুৱাৰ পৰাই কাবুলত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷

স্থানীয় বাতৰি মতে, কাবুলৰ পিডি-১৩ আৰু পিডি-১০ অঞ্চলত বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈ কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হয়৷ অঞ্চল দুটাত বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে নিৰপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চল ঘেৰি লয়৷ কাবুলৰ পিডি-১৩ৰ দষ্ট-এ-বাৰসীত প্ৰথমটো বোমা বিস্ফোৰণ ঘটে৷ ইয়াৰ পিছতে পিডি-১০ৰ আৰক্ষীৰ প্ৰধান ছাউনীৰ নিচেই সমীপতে দ্বিতীয়টো বিস্ফোৰণ কাণ্ড সংঘটিত হয়৷ 

এই দুই বিস্ফোৰণৰ পিছতে পিডি-১০ত পুনৰ এক বিস্ফোৰণ ঘটে৷ আন্তঃৰাষ্ট্ৰীয় বাতৰি অনুসৰি বুধবাৰে প্ৰায় একে সময়তে কাবুলৰ বিভিন্ন অঞ্চলত কেইবাটাও বোমা বিস্ফোৰণ ঘটে৷ কিন্তু এই মূহুৰ্তলৈ কোনো সংগঠনে এই বিস্ফোৰণ কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰা নাই৷ 

উল্লেখ্য যে বিগত এটা মাহত কাবুলত কেইবাটাও বোমা বিস্ফোৰণ ঘটি শতাধিক লোক নিহত হোৱাৰ লগতে লক্ষাধিক লোক আহত হোৱাৰ বাতৰি প্ৰকাশ হৈ আহিছে৷