newsnextone.com৷ গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি  শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটি অফ ইণ্ডিয়াই অহা ১৪ চেপ্তেম্বৰ.২০১৮ তাৰিখ শুকুৰবাৰে কলিকতাৰ গোলর্পাকস্থ ৰামকৃষ্ণ মিচন ইনষ্টিটিউট অফ কালচাৰৰ শিৱানন্দ হলত সন্ধিয়া ৪ বাজি ৩০ মিনিটৰ পৰা শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে৷ এই আলোচনা চক্ৰত অসমৰ পৰা ভাগৱত পণ্ডিত ৰিজু পাঠক মূখ্য বক্তা হিচাপে উপস্থিত থকাৰ লগতে কবিতা কুশৰে, দয়াল কৃষ্ণ নাথ, হিমাংশু শর্মা, কমল বৰা আৰু সজল দাসে অংশ গ্ৰহণ কৰিব৷ এই অনুষ্ঠানত শ্ৰীমত্ ভাগৱতক খাচী ভাষালৈ অনুবাদ কৰা মেঘালয়ৰ প্ৰভাত কান্তি পালক এক সন্মানেৰে বিভূষিত কৰা হ’ব বুলি জানিব পৰা গৈছে৷ 

আনহাতে অালোচনাচক্ৰৰ সঞ্চালনা কৰিব কলিকতাৰ ৰামকৃষ্ণ মিচনৰ স্বামী সুপুনানন্দ ডাঙৰীয়াই৷ এই আলোচনা চক্ৰৰ অনুস্থিত কৰাৰ কাৰণে কলিকতাৰ গুৰু বিশ্বাসক সভাপতি, প্ৰবীৰ দাসক কাৰ্যকৰী সভাপতি, ববী ভৰদ্বাজ আৰু প্ৰনৱ হাজৰিকাক উপ সভাপতি আৰু সুজিত চক্ৰৱতীক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে৷ 

উল্লেখযোগ্য যে- কলিকতাৰ কেইজনমান প্ৰৱাসী অসমীয়া আৰু বেঙ্গলী সম্পদায়ৰ সচেতন ব্যক্তিৰ প্ৰচেষ্ঠাত যোৱা বছৰৰ পৰা এনে দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰি মহাপুৰুষ জনাৰ সংস্কৃতিক বিশ্বৰ ওচৰত চিনাকি কৰি দিয়াৰ প্ৰচেষ্ঠা কৰাটো শলাগনীয় বিষয়৷