হোজাইঃ ক্ষমতাৰ বাবে নিজ দলৰ মাজত বিভাজন আনি অতি নাটকীয়ভাৱে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে দল বিৰোধী কাৰ্যৰে গাদীচ্যুত কৰে পৌৰনেত্ৰী আৰু উপ পৌৰপতিক। বিগত পৌৰ নিৰ্বাচনত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দখল কৰা হোজাই পৌৰসভাত সৰ্বসন্মতি ক্ৰমে পৌৰনেত্ৰী হিচাপে চতুৰ্থী ৰাণী বিশ্বাস আৰু দিলীপ পালক উপ পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল।

সৰ্বমুঠ ১৯টা ৱাৰ্ডেৰে গঠিত হোজাই পৌৰ সভাত বিজেপিয়ে ১৩ খন,কংগ্ৰেছে ৩ খন, এ আই ইউ ডি এফ দলে এখন আৰু নিৰ্দলীয়ই দুখন আসনত নিৰ্বাচিত  হৈছিল৷ একক সংখ্যাগৰিষ্ঠতাৰে হোজাইৰ পৌৰসভাখন বিজেপিৰ নেতৃত্বত গঠন হৈছিল৷ লক্ষণীয়ভাৱে সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দখল কৰা পৌৰসভাখনত পৌৰনেত্ৰী আৰু উপ-পৌৰপতিয়ে মিলি সম্পূৰ্ণ স্বৈৰাচাৰিতাৰে পৌৰসভাখন পৰিচালনাৰ অভিযোগ তুলি বিজেপিৰ নিৰ্বাচিত ৫গৰাকী ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। সেই সদস্যসকল হৈছে ক্ৰমে মমতা দে, সমীৰ সৰকাৰ, দুলাল দাস, সবিতা দাস আৰু অষ্টমী ক'ৰ৷

সেইমতে, কালি হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আদিকে ধৰি আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত হোজাই পৌৰসভাত এখন সভা অনুষ্ঠিত হয়৷ কিন্তু উক্ত সভাত পূৰ্বৰ পৌৰনেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস, উপ-পৌৰপতি দিলীপ পাল আৰু কেইজনমান ৱাৰ্ড সদস্য অনুপস্থিত থকাত পূৰ্বৰ সমিতি খন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।

কালিৰ সভাত বিজেপিৰ ৫জন, কংগ্ৰেছৰ ৩জন, এ আই ইউ ডি এফৰ এজন আৰু পূৰ্বৰ কংগ্ৰেছৰ একনিষ্ঠ কৰ্মী তথা বৰ্তমান নিৰ্দলীয় ৱাৰ্ড সদস্য পিন্তু দেৱৰ লগতে হোজাই বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ প্ৰত্যক্ষ সমৰ্থনত বিজেপিৰ মমতা দেক নতুন পৌৰনেত্ৰী আৰু সমীৰ সৰকাৰক নতুন উপ-পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হয়৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা  হোজাই পৌৰসভাত বিজেপি দুটা গোটৰ মাজত বিভক্ত হৈছে৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বই এই কথা গম পাই কালি বিজেপিৰ ৰাজ্যিক সম্পাদক বিনোদ গুপ্তাক দুয়ো পক্ষৰ মাজত আলোচনা কৰিবলৈ হোজাইলৈ পঠিয়ায়। ৰাজ্যিক সম্পাদকজন বহু সময় হোজাই মেইন ৰোডৰ বিজেপিৰ কাৰ্যালয়ত বহি থাকে। কিন্তু হোজাই পৌৰসভাৰ এটা গোটে সম্পাদকজনক লগ কৰে যদিও বিধায়কসহ বাকী পৌৰ সদ্যস্যসকলে সম্পাদকজনক লগ কৰাৰ পৰা বিৰত থাকে ৷

জানিব পৰা মতে,ৰাজ্যিক সম্পাদকজনে হোজাইৰ বিধায়কজনক ফোন কৰি বিজেপিৰ কাৰ্যাললৈ মাতি পঠিয়ায় যদিও বিধায়কজনে কাৰ্যালয়লৈ নাযায় বুলি জনাই দিয়ে৷ ইয়াৰ পৰিণতিতে বিজেপিৰ সংখ্যা গৰিষ্ঠতা থকাৰ পিছতো আজি হোজাই পৌৰসভাত আন দলৰ সদস্যৰ সমৰ্থনত নতুন পৌৰনেত্ৰী আৰু উপ পৌৰপতি নিৰ্বাচন কৰিব লগা হয়৷

এই ঘটনাৰ পিছতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই দল বিৰোধী কাৰ্যত লিপ্ত থকা হোজাই পৌৰসভাৰ ৫ ৱাৰ্ড সদস্য ক্ৰমে মমতা দে, সমীৰ সৰকাৰ, দুলাল দাস, সবিতা দাস আৰু অষ্টমী ক'ৰক দলৰ পৰা নিলম্বন কৰাৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱক কি কাৰণত দলৰ পৰা বহিষ্কাৰ কৰা নহ'ব তাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ এই জাননীৰ উত্তৰ ৭ দিনৰ ভিতৰত দিবলৈ বিধায়ক জনক কোৱা হৈছে৷ উল্লেখ্য যে স্থানীয় বিধায়ক শিলাদিত্য দেৱৰ পৃষ্ঠপোষকতাতে হোজাই বিজেপি দুটা দলত বিভক্ত হোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছিল।