ডিজিটেল ডেস্কঃ পুনৰ আত্মঘাতী বোমাৰুৱে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে কাবুলত৷ সোমবাৰে পুৱা কাৰবোমা বিস্ফোৰণত ৰাজধানী চহৰখনত নিহত হৈছে ২৪ জন লোক৷ তদুপৰি আহত হৈছে ৪২৷

নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ নাজিৰ ডেনিছে৷ আফগানিস্তান চৰকাৰৰ ডেপুটি চিফ এক্সিইউটিভ মহম্মহ মোহাকাকিৰ বাসভৱনৰ সন্মুখত সংঘটিত হয় এই বিস্ফোৰণ৷

চিয়া সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰা উক্ত অঞ্চলত কাক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হৈছে সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই৷ প্ৰায় দুসপ্তাহ পূৰ্বে আইছিছে চহৰখনৰ এটা মছজিদক লক্ষ্য কৰি আক্ৰমণ চলাইছিল।

এতিয়ালৈ কোনো সংগঠনে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও তালিবানৰ হাত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷

এটা সংস্থাৰ সমীক্ষা অনুসৰি চলিত বৰ্ষৰ প্ৰথম ৬ মাহত সন্ত্ৰাসবাদীৰ আক্ৰমণত দেশখনত প্ৰায় ১ হাজাৰ ৬ শ ৬২জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷