• ৰাফালে চুক্তিত কোনো ধৰণৰ অনিয়ম হোৱা নাই
  • বিমান কিনাৰ প্ৰক্ৰিয়াতো কোনো গণ্ডগোল হোৱা নাই
  • যুদ্ধ বিমান আৰু বিমানৰ মান সন্দৰ্ভতো প্ৰশ্ন তোলা উচিত নহয়
  • ১২৫খনৰ ঠাইত ৩৬খন বিমান ক্ৰয় কৰাতো কেন্দ্ৰৰ সিদ্ধান্ত

নতুন দিল্লীঃ অৱশেষত ৰাফালে গোচৰত ক্লীনশ্বীট পালে মোডী চৰকাৰে। ৰাফালে বিমান ক্ৰয়ৰ চুক্তিৰ বিৰুদ্ধে তৰা গোচৰতো উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়টোত আৰু কোনোধৰণৰ হস্তক্ষেপ কৰা নহ’ব। গোচৰ সংক্ৰান্তীয় সকলো আপত্তি খাৰিজ কৰি দিয়া হৈছে। ৰাফালে চুক্তিৰ বিষয়ত কোনো ধৰণৰ তদন্তৰ প্ৰয়োজন নাই বুলিও দেশৰ উচ্চতম ন্যায়ালয়ে কয়।

ৰাফালে বিমান ক্ৰয়ৰ চুক্তিত অনিয়ম হোৱা বুলি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰতোৰ বাবে কেন্দ্ৰীয় চৰকাখনক কংগ্ৰেছ দলে ইমান দিনে বৰকৈ সমালোচনা কৰি আহিছিল। এই গোচৰটোৰ ৰায়দানৰ তাৰিখ আছিল আজি। এই চূড়ান্ত ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে ৰাফালে চুক্তিত কোনো ধৰণৰ অনিয়ম হোৱা নাই৷ বিমান কিনাৰ প্ৰক্ৰিয়াতো কোনো গণ্ডগোল হোৱা নাই৷ সেইকাৰণে এই বিষয়ত কোনো প্ৰশ্ন তোলা উচিত নহয়৷ যুদ্ধ বিমান আৰু বিমানৰ মানৰ সন্দৰ্ভতো প্ৰশ্ন তোলা উচিত নহয়৷ ১২৫ খনৰ ঠাইত ৩৬খন বিমান ক্ৰয় কৰাটো কেন্দ্ৰৰ সিদ্ধান্ত৷ এই বিষয়টোত কোনো প্ৰশ্ন তোলা উচিত নহয়৷ আনকি ৰাফালে যুঁজাৰু বিমানৰ দামৰ ক্ষেত্ৰতো কোনোধৰণৰ হস্তক্ষেপ নকৰে বুলি উচ্চতম ন্যায়ালয়ে এই ৰায়ত জনাই দিছে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে আজি মোদীৰ চৰকাৰক বাৰুকৈয়েই উৎফুল্লিত কৰিছে৷

 
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ৰাফালে চুক্তিত যে কোলো দুৰ্নীতি হোৱা নাছিল সেয়া আজি স্পষ্ট হৈ গ’ল৷ কাৰণ দেশৰ সৰ্বোচ্চ আদালতে ইয়াৰ ওপৰত ছীলমোহৰ মাৰিলে৷ ফ্ৰান্সৰ চৰকাৰেও আগতেই মোডী চৰকাৰক ক্লীনশ্বিট দি থৈছে৷ এই গোটাই বিষয়টো বিৰোধী দলৰ মনেসজা কাহিনীৰ বাহিৰে একো নহয়৷ ৰাফালে চুক্তিত দুৰ্নীতি হোৱা বুলি অহা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন৷

আনহাতে প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষনে উচ্চতম ন্যায়ালয়ৰ এই ৰায় বিসংগতিপূৰ্ণ বুলি মন্তব্য কৰে৷