অৱশেষত ছীল-মোহৰ পৰিল জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিলৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে সমৰ্থন জনায় জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰাৰ সিদ্ধান্তক। লগতে উচ্চতম ন্যায়ালয়ে কয় যে অহা বছৰৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ লোৱা উচিত। শীর্ষ ন্যায়ালয়ে কয় যে জম্মু-কাশ্মীৰক অতি সোনকালে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগে।
এই গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ৰাষ্ট্ৰপতিৰ শাসনকালত ৰাজ্যই লোৱা কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নোৱাৰি। ৩৭০নং অনুচ্ছেদ যুদ্ধৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন ব্যৱস্থা আছিল। ইয়াৰ পাঠটো চালেও স্পষ্ট হৈ পৰে যে ই এক অস্থায়ী ব্যৱস্থা আছিল। ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিলৰ নিৰ্দেশ জাৰি কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু লাডাখক সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে বৈধ বুলি বিবেচনা কৰে।