newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনে চহৰৰ পিম্পৰী চিন্সবড়ত ছোৱাইন ফ্লু’ৱে মহামাৰীৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ অতি ব্যস্ত অঞ্চলটোত দিনক দিনে ছোৱাইন ফ্ল’ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ পিম্পৰী চিন্সবড়ৰ স্বাস্থ্য নিগমৰ মতে, পিম্পৰী চিন্সবড়ত ছেপ্তেম্বৰ মাহত ছোৱাইন ফ্লু’ত আক্ৰাম্ত হৈ ৬ জন লোকৰ মৃত্যু ঘটে৷

জানিব পৰা মতে, যোৱা দুমাহৰ ভিতৰত এই মহামাৰীত প্ৰায় এশ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগেত কেইবাজনো লোকৰ মৃত্যু ঘটিছে৷ গোটেই অঞ্চলটোতে ২০ জন লোকৰ মৃত্যুৰ সন্মখীন হয় আৰু ১১০ জন লোকৰ দেহত ছোৱাইন ফ্লু’ৰ বিজানু পোৱা যায়৷

নিউজ এজেন্সি এএনআইৰ বাতৰি মতে, জানুৱাৰী মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত পিম্পৰি অঞ্চলত এশ জনৰো অধিক লোকৰ গাত ছোৱাইন ফ্লু’ৰ লক্ষণ দেখা দিয়ে আৰু ৫০ জন লোক এই ৰোগত আক্ৰান্ত বুলি নিশ্চিত হয়৷ ইফালে সোমবাৰেও পিম্পৰিৰ যশবন্তৰাও স্বয়ংসেৱক চিকিৎসালয়ত এগৰাকী ৪৯ বছৰীয়া ব্যক্তিয়ে ছোৱাইন ফ্লু’ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়৷ 

অঞ্চলটোত বাঢ়ি অহা ছোৱাইন মহামাৰী প্ৰতিৰোধৰ বাবে পিএমছিয়ে বিশেষভাৱে তৎপৰ হৈ পৰিছে৷ অঞ্চলটোৰ নাগৰিকক সাবধান কৰি দি এই মহামাৰীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বাবে সজাগ কৰি তুলিছে৷ ইফালে, জ্বৰ আৰু পানী লগা বেমাৰ হ’লেই সোনকালে ডাক্তৰৰ ওচৰলৈ গৈ চিকিৎসা কৰিবলৈও আহ্বান জনোৱা হৈছে৷