
তামুলপুৰঃ বি পি এফ এখন ডুবন্ত নাঁও। বিজেপিয়ে বি পি এফৰ ডুবন্ত নাওত ভৰি দি ডাঙৰ ভুল কৰিলে এই ভাষ্য ৫ নং কোকৰাঝাৰ লোকসভাৰ এবছু, এন ডি এফ বি(প্ৰ) ৰ সমৰ্থিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ। মঙলবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত দৰঙাজুলী ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এক বিশাল নিৰ্বাচনীত সভাত অংশ গ্ৰহণ কৰি তেওঁ কয় বি পি এফৰ লগত মিত্ৰতা কৰিয়েই কংগ্ৰেছে বি টি চিত শেষ হৈ গ'ল।
তেওঁলোকৰ ভেটি উছন হৈ গ'ল। বি টি চি আজি দুৰ্নীতিমুক্ত নহয়, আজি ভেঞ্চাৰ স্কুল, কলেজ প্ৰাদেশীকৰণ কৰা হোৱা নায়। কিছুমান ৰাস্তা ঘাটৰ উন্নতি হৈছে যদিও যথেষ্ট হোৱা নাই। বি পি এফৰ কিছুমান ডাঙৰ নেতা ডাঙৰ হৈ গ'ল। আজি বি পি এফৰ নেতৃত্বত অবৈধ, শিল বালিৰ মহল (কুৱেৰী)চলি আছে। সেয়ে বি পি এফৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে আৰু ইউ পি পি এলৰ প্ৰতি ৰাইজ ধাৱমান হৈছে। সেয়ে এইবাৰ কোকৰাঝাৰ লোকসভাত আমি বিপুল ভোটত জিকাটো খাটাং বুলিও সদৰী কৰে তেওঁ। ভাষণ প্ৰসংগত তেওঁ কয় যে শব্দ ৰাম ৰাভা ৰ লগত আজি কোনো লগ নাই।বি টি চি চুক্তি বাতিল আৰু গাঁও কৰ্তন কৰিম বুলি নৱ শৰণীয়া যোৱাবাৰ সাংসদ হৈছিল।
আজি নৱ শৰণীয়াৰ কথাত কোনো ভুল নাযায়। যোৱাবাৰ নিৰ্বাচনত মুছলিম, বাঙালী সকলে নৱ শৰণীয়াক সম্পূৰ্ণ সহায় সহযোগ কৰিছিল যদিও আজি তেওঁলোকে সংগ এৰিলে। এ আই ইউ ডি এফে ইউ পি পি এলক ইতিমধ্যে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। কোকৰাঝাৰত তেওঁলোকে আমাক সমৰ্থন কৰিছে আৰু আমিও বৰপেটা আৰু ধুবুৰীত তেওঁলোকক সমৰ্থন কৰিছো। গতিকে নৱ শৰণীয়া জিকাৰ কোনো অংক নাই বুলিও তেওঁ দাবী কৰে। হাগ্ৰামাই নৱ শৰণীয়াৰ বড়ো-অবড়োৰ ৰাজনীতিৰ কৌশল শিকি ল'লে। তেওঁ অবড়ো গাঁৱত গ'লে বড়োলেণ্ড নহ'ব বুলি কয় আৰু বড়ো গাঁৱত গ'লে বুকু ফিন্দাই কয় বড়োলেণ্ড আনিব লাগিলে মইহে আনিব লাগিব।
বাক্সা জিলা এবছুৰ সম্পাদক জলেন দৈমাৰীয়ে আঁতধৰা সভাখনত তেওঁ দাবী কৰে যে নৰেন্দ্ৰ মোডী, ৰাহুল গান্ধীয়ে আমাৰ শান্তি আনিব নোৱাৰে। শান্তি আনিব লাগিলে আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে শান্তি আনিব লাগিব আলোচনাৰ মাধ্যমেৰে। প্ৰতিকুল বতৰকো নেওচি প্ৰায় দুই সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা সভাখনত এবছুৰ কেন্দ্ৰীয় উপ- সভাপতি দ্বীপেন বড়ো, ইউ পি পিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বাণী কান্ত বসুমতাৰী, তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল বসুমতাৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় উপ সভাপতি মনোজ গয়াৰী, দলটোৰ কেন্দ্ৰীয় নেতা হজৰত আলি, শৈলেন বসুমতাৰী আদি নেতা সকলো উপস্থিত থাকে। আজিৰ সভাত বি জে পি, বি পি এফ, অবড়োকে ধৰি প্ৰায় ১০০ জন পুৰুষ- মহিলাই ইউ পি এলত যোগদান কৰে।