গুৱাহাটীঃ অগপ আৰু বিজেপি এতিয়া অতি মিত্ৰ দল। আজি যদি বিজেপি কাৰ্যালয়ত দুয়ো দলৰ যুটীয়া সংবাদমেল, কাইলৈ অগপৰ কাৰ্যালয়ত যুটীয়া সংবাদমেল। লগতে দুয়ো দলৰ কাৰ্যালয়ত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যুটীয়া ৰণকৌশলৰ ইখনৰ পাছত সিখনকৈ সভা।

মঙলবাৰেও অগপ-বিজেপিৰ প্ৰচাৰ বিভাগে দুয়োটা দলৰ তৃণমূল কর্মীসকলৰ মাজত কেনেদৰে প্ৰচাৰ চলাব, সেই লৈ অগপৰ কাৰ্যালয়ত আলোচনা অনুষ্ঠিত হয়। লগতে দুয়োটা দলৰ মিত্ৰতাৰ কথা তৃণমূল পৰ্যায়ৰ কর্মীসকলৰ মাজলৈ কেনেধৰণে আগবঢ়াই লৈ যাব সেই সম্পৰ্কত আলোচনা কৰা হয়।

অগপ দলৰ প্ৰচাৰ বিভাগৰ লগত আমবাৰী কাৰ্যলয়ত দুয়োটা দলৰ কর্মীসকলে আগন্ত লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ সম্পৰ্কত এক বৈঠকত মিলিত হয়। উক্ত বৈঠকত উপস্থিত আছিল ৰাজ্যিক বিজেপি দলৰ হৈ মুখপাত্ৰ মমিনুল আৱাল, পৱিত্ৰ মাঘেৰিটা প্ৰমুখ্যে ভালেসংখ্যক সদস্য।

ঠিক একেদৰে অগপ দলৰ হৈ উপস্থিত থাকে দলটোৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ সম্পাদক মনোজ শইকীয়া, মুখপাত্ৰ তপন দাস প্ৰমুখ্যে দলটোৰ বহু সংখ্যক কর্মী। দুয়োটা দলৰ কর্মীসকলে লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰায় এক ঘণ্টা বৈঠকত অগপ কাৰ্যলয়তে দুয়োটা দলৰ কর্মীসকলে সম্বোধন কৰে এক যুটীয়া সংবাদমেল।

উক্ত সংবাদ মেলখনত বিজেপিৰ হৈ মুখপাত্ৰ মমিনুল আৱালে কয় বিপিএফ-অগপ-বিজেপি মিত্ৰজোঁটে অসমৰ ১৪ খন আসনৰ ১৪ খনতে জয়ী হ’ব। লগতে তেওঁ কয় কলিয়াবৰ সমষ্টিত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ অগপ-বিজেপিৰ প্ৰাৰ্থী হাতত পৰাজিত হ’ব। লগতে বিজেপি মুখপাত্ৰগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয় পুত্ৰৰ পৰাজয় কথা ভাবি তৰুণ গগৈয়ে এতিয়া বদৰুদ্দিনৰ হাতে-ভৰিয়ে ধৰিছে।

ইয়াৰ উপৰিও তেওঁ কয় অগপ-বিজেপি মিত্ৰজোঁটে ধুবুৰীত বদৰুদ্দিনকো এইবাৰ পৰাস্ত কৰিব। আনহাতে বৰপেটাত ফলাফল কি হ’ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত মমিনুল আৱালে কয় আমি বৰপেটা কথা চিন্তায়েই কৰা নাই। আমি বৰপেটাত কোনো চিন্তা নকৰাকৈ জয়ী হ’ম।

উক্ত সংবাদ মেলত অগপ দলৰ হৈ প্ৰচাৰ বিভাগৰ সম্পাদক মনোজ শইকীয়াই কয় অগপ-বিজেপি মিত্ৰতাত লৈ কংগ্ৰেছৰ একাংশ ছদ্মৱেশী মানুহে মিত্ৰতাত বিৰোধিতা কৰি সামাজিক মাধ্যমত অপ্ৰপচাৰ চলাইছে। তেওঁ লগতে কয় কংগ্ৰেছক পৰাস্ত কৰাৰ বাবে অগপ দলে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিছে।

আনহাতে এই সংবাদ মেলতে সাংবাদিকে প্ৰশ্ন কৰি অগপ প্ৰচাৰ সম্পাদক মনোজ শইকীয়াক কয় বিজেপি দলৰ নেতা-কর্মীসকলে এতিয়া নিজৰ নামৰ আগত চকীদাৰ শব্দ ব্যৱহাৰ কৰিছে। বিজেপি মিত্ৰজোঁট হোৱা বাবে অগপ দলেও চকীদাৰ শব্দ ব্যৱহাৰ কৰিব নেকি? সেই সম্পৰ্কত শইকীয়াই কয় অগপ দলে চকীদাৰ ব্যৱহাৰ কৰিব নে নকৰে সেই সম্পৰ্কত আগন্তক দিনত জনাব বুলি জানিবলৈ দিয়ে।