30
Mar
2019
♦ ৰাতি নহয় দিনতে ঘোষণা কৰা হ’ব ফলাফল
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/hslc.jpg?itok=_Iy9_RW0)
গুৱাহাটীঃ আগন্তক ১৫ ৰপৰা ২০ মে’ৰ ভিতৰত ছেবাই ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল।
পূৰ্বৰ বছৰবোৰৰ দৰে দিনৰ ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল আৰু দিনৰ ১ বজাত ছাত্ৰ-ছাত্ৰীসকলে মাৰ্কশ্বীট লাভ কৰিব।
উল্লেখ যে পূৰ্বতে ৰাতি ১২ বজাত ফলাফল ঘোষণা কৰা হ’ব বুলি ছেবেই জানিবলৈ দিছিল। তাৰ পাছতে সমগ্ৰ ৰাজ্যত ছেবাৰ এই ঘোষণাত সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ।
সেই প্ৰতিক্ৰিয়াৰ পাছতে ছেবাই পুনৰ ঘোষণা কৰিছে যে দিনতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।
আনহাতে ছেবাই জানিবলৈ দিয়ে যে অহা ৭ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব পৰীক্ষাৰ বহী মূল্যাংকনৰ কাম।