বোকাজানঃ অসম কাৰাটে-ড' সন্থাৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ মে'ত গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থ টেনছিনকান-ড' চেম্পিয়নশ্বিপত বোকাজান কাৰাটে-ড' সন্থাৰ ৬ গৰাকী খেলুৱৈয়ে পাহাৰীয়া জিলা কাৰ্বি আংলংলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

অসমৰ ২৬ খন জিলাৰ মুঠ ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বোকাজানৰ ৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰে ৬ গৰাকী খেলুৱৈ ক্ৰমে সুমিত ৰংহাঙে পুৰুষৰ কুমিটেৰ জ্যেষ্ঠ শাখাত সোণৰ পদক, গোম্পটি কুৰ্মীয়ে মহিলাৰ কাটা আৰু কুমিটেৰ জ্যেষ্ঠ শাখাত একোটাকৈ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক জয় কৰে।

আনহাতে আদিত্য শৰ্মাই ল'ৰাৰ কাটাৰ ৯ বছৰ অনূৰ্ধ্বৰ শাখাত ব্ৰঞ্জৰ পদক, নিৰজ শৰ্মা আৰু লক্ষ্মণ ৰায়ে ল'ৰাৰ কুমিটেৰ ১৩ বছৰ অনূৰ্ধ্বৰ শাখাত একোটাকৈ ব্ৰঞ্জৰ পদক আৰু সুমিত চাহুৱে ল'ৰাৰ কুমিটেৰ ১৬-১৭ বছৰ অনূৰ্ধ্বৰ শাখাত ব্ৰঞ্জৰ পদকজয় কৰে।

পদকজয়ী আটাইকেইগৰাকী খেলুৱৈকে শুভেচ্ছা জ্ঞাপন কৰিছে বোকাজান কাৰাটে-ড' সন্থাৰ সাধাৰণ সম্পাদক বিমল বসুমতাৰীয়ে।